অসম

লাহৰীঘাটত জঘন্য ঘটনা; পিতৃয়ে ধৰ্ষণ কৰিলে নিজ কন্যাক

পিতৃ-কন্যাৰ পবিত্ৰ সম্পৰ্কত কালিমা সনা লম্পট ছাজাহানক জেল-হাজোতলৈ প্ৰেৰণ

পুলক মেধি, লাহৰীঘাট:- লাহৰীঘাটত দিনক দিনে বৃদ্ধি পাইছে নাৰি নিৰ্যাতন আৰু ধৰ্ষন কাণ্ড। অঞ্চলটোত যেন সুলভ হৈ পৰিছে ধৰ্ষণ দৰে নিকৃষ্ট কাণ্ড। সংঘটিত হৈছে এটাৰ পিছত আন এটা ধৰ্ষণ কাণ্ড। এইবাৰ চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত কছাৰীবড়ী গাঁৱত। পিতৃ -কন্যাৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে ছাজাহান আলী নামৰ সতিয়া বাপেকে।

জানিব পৰা মতে, ধৰ্ষীতাৰ পিতৃৰ মৃত্যুৰ পিছত মাতৃয়ে তিনি বছৰীয়া কিশোৰী গৰাকীক লগত লৈ কছাৰীবড়ীৰ গাৱঁৰ মিৰাজ আলীৰ পুত্ৰ ছাজাহান আলীৰ (৩০) লগত প্ৰায় ১০ বছৰ পুৰ্বে সামাজিক নীতি-ৰীতিভাৱে বিবাহপাশত আৱব্ধ হৈছিল। উল্লেখ্য যে ছাহজাহানে আদালতত লিখিত চুক্তি কৰি লৈছিল যে উক্ত কিশোৰী গৰাকীক নিজৰ ছোৱালীৰ নিচিনা চোৱা-চিতা,

ভৰণ-পোষণ, লিখা-পঢ়া সমস্ত দায়িত্ব বহন কৰিব বুলি। তাৰ পিছত মহিলা গৰাকীৰ পিতৃৰ গৃহৰ পৰা ধন সম্পত্তি দিয়াৰ উপৰি কিশোৰী গৰাকীক লগত লৈ আহে ছাজাহানৰ গৃহত। তাৰ পিছৰে পৰা ছাজাহানে দুদিন পিছে পিছে মহিলা গৰাকীক বিভিন্ন নিৰ্যাতন চলোৱাৰ উপৰিও কিশোৰী গৰাকীক শাৰীৰিক নিৰ্যাতন চলাই থাকে।

এনেকৈ মাতৃ কন্যাক নিৰ্যাতন চলাই থকাৰ মাজতে যোৱা ১১ আগষ্টৰ নিশা প্ৰায় ১২ বজাত বলপূৰ্ৱকভাবে নিজ কন্যা সন্তানক ধৰ্ষণ কৰে। নাবালিকা কিশোৰী গৰাকীক এনে জঘন্য কু-কাণ্ড সংঘটিত কৰাৰ কথা ছোৱালী জনীয়ে মাতৃক অৱগত কৰে। বিষয়টো পত্নীয়ে গম পাই স্বামীক সোধাত লম্পট স্বামী ছাজাহান আলীয়ে অগ্নিশৰ্মা হৈ মাৰপিত কৰি পত্নী আৰু কন্যাক হাত-ভৰি ভাঙি গুৰুতৰ ভাৱে আহত কৰে।

পাছত এই ঘটনা সন্দৰ্ভত ধৰ্ষিতাৰ কন্যা-মাতৃ তথা আত্মীয়ই লাহৰীঘাটত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিত লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বড়োয়ে তদন্ত আৰম্ভ কৰি পিতৃ কন্যাৰ পবিত্ৰ সম্পৰ্কত কালিমা সনা লম্পট ছাজাহান আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লাহৰীঘাট আৰক্ষীয়ে ৫২৭/২১ নম্বৰত এটি গোচৰ ৰুজু কৰি আজি লম্পট ছাজাহান আলীক মৰিগাঁও জেল হাজোতলৈ প্ৰেৰণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: