অসম

লাহৰীঘাটত তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

সংবাদদাতা, লাহৰীঘাট:- মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুদ্ৰকান্ত বৰদলেৈ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে যোৱা নিশা থানাৰ অন্তৰ্গত বৰবড়ীৰ পৰা তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক্ৰমে জাকাৰীয়া আলম (২৫ ) আমিনুল হক (৩২ ) ইচমাইল আলী (২৪ )। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা দুটা ড্ৰাগছ ভৰ্তি কৰ্টেনাৰ আৰু এটা চিৰিঞ্চ উদ্ধাৰ কৰে। আৰক্ষীয়ে 871/21, U/S – 21(a)/29 NDPS Act ৰ অধীনত গোচৰ ৰুজু কৰি ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আজি মৰিগাঁও জেললৈ প্ৰেৰণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: