অসম
লাহৰীঘাটত দুখনকৈ অবৈধ কাঠ ফলা মিল উৎখাত বন বিভাগৰ

সংবাদদাতা, লাহৰীঘাট:- মৰিগাঁও জিলাৰ লাহৰীঘাটত বন বিভাগে অভিযান চলাই আজি দুখনকৈ অবৈধ কাঠ মিল উৎখাত কৰে। উল্লেখ্য যে জিলা খনৰ লাহৰীঘাটত দীৰ্ঘদিন ধৰি অবৈধ ভাৱে চলি আছিল কেইবাখনো কাঠ ফলা মিল। কাঠফুলাৰ দৰে অঞ্চলটোত গঢ় লৈ উঠিছিল ইখনৰ পিছত সিখনকৈ কাঠ মিল। আজি এক গোপন সূত্ৰৰ পম খেদি নগাঁও বন প্ৰতিৰক্ষা বাহিনীৰ সহযোগত নগাঁও আৰু মৰিগাঁও বন বিভাগৰ যুটীয়া অভিযানত দুখনকৈ কাঠ ফলা মিল উৎখাত কৰিবলৈ সক্ষম হয়। লগতে জব্দ কৰে মিলত ব্যৱহৃত মেচিনৰ লগতে বহু পৰিমাণৰ কাঠ। বন বিষয়া অহাৰ উমান পাই কাঠ মেইলৰ গৰাকী পলাই যাবলৈ সক্ষম হয়। মৰিগাঁও জিলা বন বিষয়া দেবব্ৰত গগৈৰ নেতৃত্বত চলিছিল এই অভিযান।