অসম

লাহৰীঘাটত নিচাযুক্ত ঔষধ সৰবৰাহকাৰী আটক ; বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

সংবাদদাতা, লাহৰীঘাট:- ৰাজ্যৰ চৌদিশে ড্ৰাগছ তথা বিভিন্ন নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীয়ে অভিযান চলাই এজন নিচাযুক্ত ঔষধ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে বৃহৎ পৰিমাণৰ অবৈধ নিচাযুক্ত

ঔষধৰ বটল জব্দ কৰে। উল্লেখ্য যে এক গোপন খবৰৰ ভিত্তিত যোৱা কালি আৰক্ষীৰ দ’লে লাহৰীঘাট বজাৰত অভিযান চলাই ধিঙৰআটি গাঁৱৰ হিবজুৰ ৰহমান (৩৫ ) নামৰ কুখ্যাত অবৈধ নিচাযুক্ত ঔষধ সৰবৰাহকাৰীক হাতে লোটে আটক কৰাৰ লগতে আৰক্ষীয়ে তাৰ পৰা

৪০ টা নিচাযুক্ত কফ চিৰাপৰ বটলৰ লগতে তেওঁ ব্যৱহাৰ কৰা চাইকেল খনো জব্দ কৰিবলৈ সক্ষম হয়। লাহৰীঘাট আৰক্ষীয়ে নিচাযুক্ত ঔষধ সৰবৰাহকাৰী জনৰ বিৰুদ্ধে 489/2021 নম্বৰত এটি গোচৰ ৰুজু কৰি আজি মৰিগাঁও জেল হাজোতলৈ প্ৰেৰণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: