অসম

লাহৰীঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ

পুলক মেধি, লাহৰীঘাট: মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীয়ে আজি বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ বিশেষ সূত্ৰৰ পম খেদি লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বড়োৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে থানাৰ অন্তৰ্গত বৰখাবল গাঁৱৰ পৰা ড্ৰাগছখিনি উদ্ধাৰ কৰে৷ আৰক্ষীয়ে উক্ত গাঁৱৰ

আব্দুল ৰশিদ নামৰ লোকজনৰ ঘৰত অভিযান চলাই ড্ৰাগছ ভৰ্তি ৩৯টা কণ্টেইনাৰ আৰু ২৩টা খালি কণ্টেইনাৰ উদ্ধাৰ কৰে৷ আৰক্ষী যোৱাৰ উমান পোৱা মাত্ৰকে আব্দুল ৰশিদৰ লগতে ঘৰৰ সকলো লোকে পলায়ন কৰে৷ অৱশ্যে আৰক্ষীয়ে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও তদন্ত অব্যাহত ৰাখিছে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: