অসম

লাহৰীঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী

সংবাদদাতা, লাহৰীঘাট:- মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ভূৰাগাঁও নগাঁও সংযোগী পথত ট্ৰেক্টৰ আৰু বাইক আৰোহীৰ মাজত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাৰ ফলত বাইক আৰোহীজন থিতাতে নিহত হয়। বাইক আৰোহী জন লাহৰীঘাটৰ চেতুৱাই খাইতি গাৱৰ ছাহজাহান আলী( ৪২) বুলি চিনাক্ত কৰা হৈছে।

ছাহজাহান আলী ৰজাগাধোৱা গাঁও পঞ্চায়তত কৰ্মৰত আছিল। দুৰ্ঘটনাগ্ৰস্ত বাহনৰ নাম্বাৰ AS21C9134 আৰু বাইকখনৰ নাম্বাৰ AS21H4810 ঘটনাৰ বিৱৰণী মৰ্মে, বাইক আৰোহীজন লাহৰীঘাটলৈ আহি থকা অৱস্থাত ট্ৰেক্টৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত

থিতাতে নিহত হয় যদিও ততাতৈয়াকৈ লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ অনা‌ হয়। চিকিৎসকে মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্ট্ৰৰখন আৰক্ষীয়ে জব্দ কৰে। উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: