অসম

লাহৰীঘাটত মহিলাসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

সংবাদদাতা, লাহৰীঘাট:- মৰিগাঁও জিলাৰ লাহৰীঘাটত পুনৰ মহিলাসহ তিনি ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। লাহৰীঘাট আৰক্ষীয়ে আজি অভিযান চলাই ড্ৰাগছসহ তিনি জনক আটক কৰিবলৈ সক্ষম হয়। ইয়াৰে এগৰাকী মহিলা। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে লাহৰীঘাটৰ তিনিচুকীয়া বজাৰৰ পৰা কৰায়ত্ব কৰে দুজন যুৱকক। ধৃত যুৱক দুজনৰ নাম ইজাজুল ইছলাম আৰু আনাৰ হুছেইন আৰু ধৃত মহিলা গৰাকীৰ নাম হাফিজা খাতুন বুলি জানিব পৰা গৈছে। মহিলা গৰাকীক চেনিমাৰী গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে ৭৯টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয়। লাহৰীঘাট আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি 21(b)/29 NDPS ধাৰাৰ অধিনত 27/22 নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি আজি তিনিওকে মৰিগাঁও জেললৈ প্ৰেৰণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: