অসম

লাহৰীঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

সংবাদদাতা, লাহৰীঘাট:- আকাশলঙ্ঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে লাহৰীঘাটত কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। লাহৰীঘাট ব্লক কংগ্ৰেছৰ উদ্যোগত আজি এক প্ৰতিবাদী সমদল উলিয়াই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে। শতাধিক কংগ্ৰেছ কৰ্মীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তুলে। প্ৰতিবাদকাৰী সকলে লাহৰীঘাট ৰাজহচক্ৰ কাৰ্যলয়ৰ সন্মুখত পৰা সমদল উলিয়াই লাহৰীঘাট ৰাজহ চক্ৰ কাৰ্যালয়ও ঘেৰাও কৰে। এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে স্থানীয় বিধায়ক ডাঃ আছিফ নাজাৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: