অসম

লাহৰীঘাটত ৪ জন চাইবাৰ ক্ৰাইমৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ

বৃহৎ পৰিমাণৰ চিম কাৰ্ড, মোবাইল, লেপটপ উদ্ধাৰ

সংবাদদাতা, লাহৰীঘাট : লাহৰীঘাটত ৪ চাইবাৰ ক্ৰাইমৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ। লাহৰীঘাটৰ নগাবন্ধা গাঁৱৰ পৰা  লাহৰীঘাট আৰক্ষীয়ে এক  গোপন খবৰ ভিত্তিত যোৱা কালি ৪ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। ধৃত লোককেইজন হল ৰাজিবুল ইছলাম, ইনামূল হক, ৰেকিব আলম আৰু ছাদিকুল ইছলাম।

লোককেইজনৰ ঘৰ লাহৰীঘাটৰ নগাবন্ধা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে , ৪ অপৰাধীয়ে বহুদিনৰে পৰা সহজ সৰল দ্ৰৰিদ্ৰ লোকৰ পৰা বেংক পাছবুক, আধাৰ কাৰ্ড, চিম কাৰ্ডেৰে বৃহৎ পৰিমাণৰ ধন সৰকাই আহিছিল। চিমকাৰ্ডৰ অটিপিৰ জৰিয়তে তেওঁলকে বহু দিন ধৰি এই ধনঘ হৰলুকি কামত লিপ্ত আছিল।

চাইবাৰ অপৰাধী কেইজনৰ পৰা আৰক্ষীয়ে ১১ টা এনড্ৰয়দ মোবাইল, ১৮০ খন চিমকাৰ্ড, ১টা  লেপটপ, বেংক পাছবুকৰ লগতে অন্যান্য নথিপত্ৰ  জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে 355/2021 নম্বৰত  U/S 120 (B) 419/420/468/471/409 IPC 66(C) 66(D) I T Act ৰ অধীনত গোচৰ ৰুজু কৰি আজি ধৃত লোক কেইজনক জেল-হাজোতলৈ প্ৰেৰণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: