অসম

লাহৰীঘাটৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

সংবাদদাতা, লাহৰীঘাট:- মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীৰ থানাৰ অন্তৰ্গত বৰবড়ী গাঁৱৰ ছাইফুল ইছলামৰ পুত্ৰ খাইৰুল ইছলামক যোৱা কিছুদিন পূৰ্বে একে গাৱৰ ইব্ৰাহিম আলী নামৰ এজন ঠিকাদাৰে কামৰ পলোভন দি লামডিং লৈ গৈছিল। কিন্তু হঠাৎ যুৱকজনৰ মৃত্য দেহ যোৱা নিশা প্ৰায় ০৩ মান বজাত পৰিয়ালৰ লোকক চমজাই দিয়ে ইব্ৰাহিম আলী নামৰ ঠিকাদাৰ জনে। লগে-লগে পৰিয়ালৰ মাজত সৃষ্টি এক হুৱা দুৱা পৰিস্থিতিৰ। স্থানীয় লোকৰ ভাষ্য অনুসৰি মৃত খাইৰুল ইছলাম কিছুদিন ধৰি অসুস্থতাত ভুগি আছিল আৰু অৱশেষত মৃত্যু হয়। স্মতব্য যে খাইৰুল ইছলামে অসুস্থতা ভুগি থকা কথা পৰিয়ালৰ লোকে গম নাপাই লগতে ঠিকাদাৰ জনেও অৱগত কৰা নাছিল। মৃত খাইৰুলৰ মাতৃৰে কান্দি কান্দি কয় যে- ঘৰত গম হোৱা হয় নিজ পুত্ৰক সময় মতে উন্নত চিকিৎসাৰ সেৱাৰে সুস্থ কৰি তুলিলে হয়। কিয়নো পৰিয়ালৰ এক মাত্ৰ উপাৰ্জন কাৰী খাইৰু‌ল ইছলামৰ মৃত্যুত কোনেও সহজ বাবে মানি ল’ব পৰা নাই। ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্যযে খাইৰুলৰ মৃত্যু কেনেকৈ হ’ল সেয়া এতিয়াও ৰহস্য আৱৰ্তত। আৰক্ষী অনুসন্ধানত হে পোহৰলৈ আহিব সমগ্ৰ ঘটনা প্ৰকৃতৰ তথ্য।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: