অসম

লাহৰীঘাটৰ কলেজীয়া ছাত্ৰৰ ফাইজুৰৰ মৃতদেহ উদ্ধাৰ

হত্যাকাৰীৰ ফাঁচীৰ দাবীত স্থানীয় ৰাইজৰ প্ৰতিবাদ

সংবাদদাতা, লাহৰীঘাট:- মৰিগাঁও জিলাৰ লাহৰিঘাটৰ কলেজীয়া ছাত্ৰ ফাইজুৰ ৰহমানৰ মৃতদেহ উদ্ধাৰ। আৰক্ষীয়ে আজি লাহৰীঘাটৰ পাতিদৈয়া বিলৰ পিতনিৰ পৰা উদ্ধাৰ কৰে ছাত্ৰৰ মৃতদেহটো। লাহৰীঘাট থানাৰ অন্তৰ্গত দেৱাগুৰি গাঁৱৰ ছাত্ৰ ফাইজুৰ ৰহমানৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আনিচুৰ ৰহমানে আৰক্ষীৰ ওচৰত কালি আত্মসমৰ্পণ কৰাৰ পিছতে আজি উদ্ধাৰ হয় দহদিনে নিৰুদ্দেশ হৈ থকা ছাত্ৰজনৰ মৃতদেহ। মৃতদেহটো উদ্ধাৰ বাবে লাহৰীঘাট আৰক্ষীয়ে যোৱা ৯ দিন ধৰি চলাই আহিছিল তীব্ৰ অভিযান। উল্লেখ্য যে, যোৱা ২৬ ফেব্ৰুৱাৰীত লাহৰীঘাটৰ দেৱাগুৰীৰ কলেজীয়া ছাত্ৰ ফাইজুৰ ৰহমান ওৰফে ৰাব্বুলক প্ৰথমে অপহৰণ কৰি তাৰ পাছত হত্যা কৰিছিল ন-প্ৰেমিক আনিচুৰ ৰহমানৰ সৈতে মিলি প্ৰেমিকা ৰাজানা আহমেদে। হত্যাকাণ্ডটোৰ লগত জড়িত প্ৰেমিকা ৰাজানা আহমেদ, ৰাজানাৰ পিতৃ নিজামদ্দিন আৰু ভাতৃ মৌলা হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধ-পোচ কৰি বিভিন্ন ঠাইত মৃতদেহটো উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও মৃতদেহটো উদ্ধাৰৰ কৰিবলৈ সক্ষম হোৱা নাছিল। ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত থকা মূল অভিযুক্ত আনিচুৰ ৰহমানে কালি নিশা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছতে তাৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি ৰাজানাৰ পিতৃ নিজাম উদ্দিনে মৃতদেহটো লুকুৱাই ৰখাৰ কথা স্বীকাৰ কৰে। লাহৰীঘাট আৰু মৰিগাঁও আৰক্ষীয়ে নিজাম উদ্দিনক লগত লৈ মৃতদেহটো লুকুৱাই ৰখা পাতিদৈয়া দলঙৰ সমিপতে বিলৰ পিটনিৰ তলৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে। ছাত্ৰজন নিৰুদ্দেশ হোৱাৰ দহ দিন পিছত মৃতদেহটো উদ্ধাৰ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। ইপিনে মৃত ছাত্ৰ গৰাকীৰ বাসগৃহত স্থানীয় কেইবা শতাধিক ৰাইজে হত্যাকাণ্ডৰ লগত জড়িত কালপীঠ কেইটাক ফাঁচীৰ দাবী তুলি পৰিৱেশ উত্তপ্ত কৰি তুলে। আনফালে মৃতদেহটো উদ্ধাৰ হোৱা লগে লগে ঘাতক ৰূপী প্ৰেমিকা ৰাজানাৰ গৃহত একাংশই অগ্নি সংযোগ কৰা বুলি জানিব পৰা গৈছে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button