অসম

লাহৰীঘাটৰ কাঠনি গাঁও পঞ্চায়তত ক্ষুব্ধ পুৰুষ-মহিলাৰ প্ৰতিবাদ

পঞ্চায়ত সভানেত্ৰী ৰৌজলিনা ফাৰুকীয়ে কৰা ব্যাপক অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ

সংবাদদাতা, লাহৰীঘাট: – এগৰাকী পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে ক্ষুদ্ধ ৰাইজৰ তীব্ৰ প্ৰতিবাদ। জৱকাৰ্ডপ্ৰাপ্ত শ্ৰমিকক প্ৰাপ্য মুজৰিৰ পৰা বঞ্চিত কৰাৰ লগতে পঞ্চায়তৰ G R S ক সভানেতীয়ে কৰা অপমানৰ বিৰুদ্ধে হাতে-হাতে প্লেকাৰ্ড লৈ পঞ্চায়ত প্ৰতিনিধি মুন্দাবাদ, ৰঞ্জিত দাস হায় হায় ধ্বনিয়ে প্ৰতিবাদ সাব্যস্ত কৰে শ শ পুৰুষ-মহিলাই। জবকাৰ্ডৰ শ্ৰমিকসকলে শীঘ্ৰেই মজুৰি মুকলি কৰি দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ।

পঞ্চায়তৰ বিভিন্ন আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰা লাহৰীঘাট উন্নয়ন খণ্ডৰ কাঠনি গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰৌজলিনা ফাৰুকীৰ বিৰুদ্ধে এইবাৰ পঞ্চায়তবাসীয়ে নিজ পঞ্চায়তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে, সংশিষ্ট গাঁও পঞ্চায়তখনৰ চৌহদত জৱকাৰ্ডপ্ৰাপ্ত শ্ৰমিকসকলে প্ৰায় পাচমাহ পূৰ্বে মাটিৰ কাম কৰিছিল। শ্ৰমিকসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰি দিয়াৰ পৰিৱত্তে সভানেত্ৰীগৰাকীয়ে কিছু জৱকাৰ্ড ভাড়াত লৈ আচঁনিৰ ধন আত্মসাৎ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে।

ইপিনে, পঞ্চায়তখনৰ জি আৰ এচ জনে কামকৰা শ্ৰমিকসকলৰ বিল বনোৱাৰ বাবে জি আৰ এচজনৰ লেপটপ কাঢ়ি নি জি আৰ এচ জনক অপদস্থ কৰাৰ অভিযোগ ক্ষুদ্ধ প্ৰতিবাদকাৰী লোকসকলৰ। এতিয়া প্ৰশ্ন হয়, কাৰ আশীৰ্বাদপুষ্ট এইগৰাকী কংগ্ৰেছী সভানেত্ৰীয়ে আচঁনিৰ নামত দূনীতি সংঘটিত কৰিয়েই ক্ষান্ত নাথাকি চৰকাৰী কৰ্মচাৰীক অপদস্থ কৰাৰ সাহস লাভ কৰিলে। এক নিৰপেক্ষ তদন্তৰ দাবী জনাইছে সংশিষ্ট পঞ্চায়তবাসীয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: