অসম

লাহৰীঘাটৰ গড়কাপ্তানী পথৰ দুয়োকাষে বেদখলমুক্ত কৰাৰ দাবী

ঠেক পথটোত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা

সংবাদদাতা, লাহৰিঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ এটি গড়কাপ্টানী পথ বেদখলমুক্ত কৰিবলৈ ৰাইজে সজোৰে দাবী উত্থাপন কৰিছে। উল্লেখ্য যে লাহৰীঘাট বজাৰৰ দক্ষিণে গৰু মহলৰ পৰা নগাঁও-ভূৰাগাঁও সংযোগী গড়কাপ্টানী পথলৈকে এই পকী পথটো দুকাষে একাংশ লোকে অবৈধভাৱে বেদখল কৰাৰ অভিযোগ উঠিছে।  

উক্ত পথটোৰ দুয়োকাষে চৰকাৰী ভূমি বেদখলৰ ফলত ৰাইজে যাতায়তত অসুবিধাৰ সন্মুখীন হৈছে। নিজৰ নিজৰ ঘৰৰ সমুখত গড়কাপ্টানী পথটোৰ দুয়ো কাষে বেদখল কৰি কোনোবাই নিজে দোকান খুলিছে। আকৌ কোনোবাই চৰকাৰী ভুমি দখল কৰি মাৰ্কেট সাজি আনক ভাড়াত দিছে।

ইয়াক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ পথটোৰ বিদ্যাসাগৰ বিদ্যাপীঠ নামৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানটোৰ পৰা বজাৰৰ গৰু মহল লৈকে অংশখিনিত বেদখল কৰি বিভিন্ন দোকান-পোহাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান আদি খোলাৰ  ফলত পথটো অতি ঠেক হৈ পৰিছে।

গড়কাপ্টানী পথটোৰ দুয়ো কাষে ওখকৈ মাটি পেলোৱাৰ ফলত পথটো ঠেক হৈ পৰাৰ লগতে অলপ বৰষুণ দিলেই পানী জমা হৈ পথটো কদৰ্য হৈ পৰে। দক্ষিণ অঞ্চলৰ ৰাইজে চলাচল কৰা এই পথটোৰে বিভিন্ন কৃষিজাত সামগ্ৰী বিক্ৰীৰ বাবে লাহৰীঘাট বজাৰত আনিব লাগে।

দৈনিক শ-শ বাহন, কণকণ ছাত্ৰ- ছাত্ৰী চলাচল কৰা ব্যস্ত পথটো দীৰ্ঘদিন ধৰি একাংশ লোকে বেদখল কৰি ৰাখিছে। বৰ্তমান পথটোত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈ যাতায়তৰ অনুপযোগী হৈ পৰাত ৰাইজক চলাচল কৰাত সমস্যাত পেলাইছে।

ঠেক হৈ পৰা পথটোত যি কোনো মুহূৰ্তত ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ঘণীভূত হৈ পৰিছে। বিপদসংকুল হৈ পৰ পথটো শীঘ্ৰে বেদখলমুক্ত কৰাৰ লগতে সম্প্ৰসাৰণ কৰি যাতায়তৰ সুবিধা কৰি দিবলৈ ৰাইজে সংশ্লিষ্ট বিভাগক দাবী জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: