অসম

লাহৰীঘাটৰ ৯ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ

সংবাদদাতা, লাহৰীঘাট : লাহৰীঘাটৰ ভূৰাগাঁৱত থানাৰ অন্তৰ্গত পূৱ বালিডোংগাৰ গাঁওত এগৰাকী কিশোৰী মৃতদেহক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।উল্লেখ্য যে ভূৰাগাঁও থানাৰ অন্তৰ্গত বালিডোঙা পাম গাঁৱৰ আকাবৰ আলীৰ  ০৯ বছৰীয়া ছোৱালী ছুমী আনছাৰী  পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল।

পৰিয়ালৰ লগতে স্থানীয় লোকে বিচাৰ-খোচাৰ কৰাত অৱশেষত ঘৰৰ ওচৰৰে পথাৰৰ মৰাপাত খেতিত ছোৱালীজনীৰ মৃতদেহ উদ্ধাৰ হয়। পুৱাৰে পৰা নিৰুদ্দেশ হৈ থকা ছোৱালীজলীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰে। মৃত ছোৱালীজনীৰ নাম ছুমী আনছাৰী। ঘটনা সন্দৰ্ভত  আৰক্ষীক

খবৰ দিয়াত ঘটনাস্থলীত মৰিগাঁও জিলা আৰক্ষী অধীক্ষক এন নটৰাজনৰ লগতে ভূৰাগাঁও আৰক্ষী থানাৰ এটি দল উপস্থিত ঘটনা সন্দৰ্ভত বুজ লয়।আৰক্ষীৰ প্ৰাথমিক তদন্তত হত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে। পৰবৰ্তী সময়ত মৃত দেহটি মৰোণত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: