অসম

লাহৰীঘাট আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ৰাজ্যিক ভিত্তিত বেডমিণ্টন প্ৰতিযোগিতা

সংবাদদাতা, লাহৰীঘাট:- মৰিগাঁও জিলাৰ লাহৰীঘাট আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ৰাজ্যিকভিত্তিত বেটমিণ্টন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। লাহৰীঘাটৰ কেইজনমান অগ্ৰণী যুৱকৰ প্ৰচেষ্টাত পোনপ্ৰথমবাৰলৈ লাহৰীঘাট চেণ্টেল স্কুলৰ বাকৰিত ১৮ আৰু ১৯ ডিচেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক ভিত্তিত নন ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতাৰ আয়োজন কৰে। বৰ্তমানলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগীসকলে আয়োজক সমিতিৰ লগত যোগাযোগ কৰি আছে বুলি লাহৰীঘাট ক্ৰীড়া সন্থাৰ সভাপতি নেকিবুল হকে এখন সংবাদমেল আয়োজন কৰি জানিবলৈ দিয়ে। খেলৰ প্ৰথম পুৰস্কাৰ নগদ ২১ হাজাৰ টকাৰ লগত ট্ৰফী, দ্ধিতীয় পুৰস্কাৰ নগদ ১০ হাজাৰ ৫০০ টকাৰ লগত ট্ৰফি, তৃতীয় পুৰস্কাৰ নগদ ৫ হাজাৰ টকাৰ লগত ট্ৰফি, চতুৰ্থ পুৰস্কাৰ ২০০০ টকাৰ লগতে ট্ৰফি আৰু আকৰ্ষণীয় পুৰস্কাৰ হিচাপে থাকিব ১০০০ টকাৰ লগতে ট্ৰফি।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: