অসম

লাহৰীঘাট আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

সংবাদদাতা, লাহৰীঘাট:- ৰাজ্য চৰকাৰৰ নিৰ্দেশত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰাল ভাৱে মৰিগাঁও জিলাতো ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে। মৰিগাঁৱৰ লাহৰীঘাট আৰু ভূৰাগাঁৱৰ বিভিন্ন অঞ্চলত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লাহৰীঘাট আৰক্ষীয়ে ধিঙৰআটি গাঁৱৰ ফিৰকুল খান নামৰ ব্যক্তিজনৰ দোকানত অভিযান চলাই ২০টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ ফিৰকুল খানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইপিনে অঞ্চলটোৰ টেঙাগুৰিত স্থানীয় ৰাইজৰ লগতে টেঙাগুৰি সমন্বয় ৰক্ষী সমিতিয়ে ৰাজদুল ইছলাম নামৰ ড্ৰাগছ আসক্ত যুৱক এজনক ১টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আটক কৰি লাহৰীঘাট আৰক্ষী থানাত চমজাই দিয়ে। আনহাতে ভূৰাগাঁৱতো আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মৰিগাঁও আৰু ভূৰাগাঁও আৰক্ষীয়ে যুটীয়াভাৱে ভূৰাগাঁও পাঁচআলিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ছাদ্দাম হুছেইন (২৫) আৰু হাফিজুৰ ৰহমান (২২) নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰী। ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে ৩৭.১৮ গ্ৰাম ড্ৰাগছৰ লগতে ২৯টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button