লিমাৰিক কবিতা | Limerick Kobita 2022

বিভিন্ন উৎসৰ পৰা সংগৃহীত কেইটামান লিমাৰিক কবিতা :

(১)
সৰুকালত পঢ়া-শুনাই লগাইছিলে আহুকাল
মাষ্টৰে কোবাই-কোবাই উলিয়ালে কংকাল
পিতাই আছিল মন্ত্রীৰ নেগুৰ
খুৱালেগৈ জীয়া মাগুৰ
কেৰাণীৰ চাকৰি পাই হৈ গ’লো মালামাল।


(২)
অসম দেশৰ পকীৰাস্তাত বুটাবছা চানেকি
বৃহৎ বৃহৎ গাঁতবোৰে দেহা পেলাই থেকেচি
প্ৰায়ে কৰে মেৰামতি
গাঁতে-গাঁতে ৰঙামাটি
বৰষুণৰ বতৰ হ’লেই টুপাব পাৰি বৰশী।


(৩)
স্কুললৈ আহিছিলো পঢ়ুঁৱাম বুলি
উপায় নাপাই বহি বহি উতলাইছো দালি
ৰান্ধি বাঢ়ি ভাগৰুৱা
ক্লাছো হ’ল আধৰুৱা
বাচন-বৰ্তন সামৰোঁতেই পৰিলেগৈ বেলি।


(৪)
ম’বাইল, বাইক নিদিলে কলেজলৈ নাযায়
চাইকেল চলালে হেনো পাত্তাই নাপায়
চকা দাঙি দেখুৱাই বল
ৰিজাল্টত আহে ওলোটা ফল
গাৰ্লফ্ৰেণ্ডে ঠগন মাৰিলেহে নাথাকে উপায়।


(৫)
দুচকীয়া উৰাই ফুৰা দাদাহঁতৰ একশ্যন
ক্লাছতহে ধৰি থাকে বাধ্য ছাত্রৰ ভেশচন
চাৰিআলিত মজলিছ
মাকে খুৱাই হৰলিক্স
বাবাটোৰ গাত বল হওঁক পঢ়াৰ ইমান টেনশ্যন।


(৬)
নতুন নতুন ম’বাইল আৰু নতুন নতুন ছিম
ভন্টীহঁতক দেখিলেই দেহা কৰে ৰিমজিম
চাও, কফি, ম’ম’ খুৱাই
তিনিজনী ল’লো পটাই
ভেলেন্টাইন ডে’ পালেহিয়েই কাক কিনো দিম।


(৭)
সকলোৱে জানে তেওঁক ৰেগিং মাষ্টাৰ বুলি
দাদাজনৰ এখন কাণত তিনিপাত ফুলি
নতুন ল’ৰাৰ পইছা আনি
নিতৌ খায় লালপানী
থুঁতৰিৰ দাঢ়িৰে তেওঁক ছাগলী যেন দেখি।


(৮)
চ’তৰপৰা জেঠৰলৈকে তিনিমাহ জুৰি
ব’হাগৰ বিহু পাতে ডেকাসৱে মিলি
গুণ্ডাগিৰি চান্দাগিৰি
বাটে-ঘাটে লটি-ঘটি
পুৱালৈকে নাচি থাকে টেঁটুলৈকে গিলি।


(৯)
পিতাইৰ লগত কাজিয়া কৰি আহিছিলো ওলাই
সন্ধিয়াতে সদায় ধৰোঁ এটুপিকৈ চুলাই
চহৰীয়া ছোৱালী
দেখি মাৰো সুঁহুৰি
সেয়ে নিতৌ পিঠিত পৰে পাব্লিক ধুলাই।


(১০)
কলিযুগৰ অসম দেশত তুমি কোন সন্ত
আউটডেটেড নৈতিকতাৰ পেলাবৰ হ’ল অন্ত
নঙলাতে ৱাইন শ্বপ
চহৰীয়াৰ উথপ্থপ্
লগে ভাগে গধূলিতে তিয়াবাগৈ কন্ঠ।


(১১)
বাইক ষ্টান্ট মাৰোঁতে ভৰি হ’ল গুৰি
ফেচবুকত ফটো দিলো হেল্প মি বুলি
সহায় পোৱাৰ বিশ্বাস
পিতাইক দিলো আশ্বাস
পিছে লাইক মাৰি সকলো গ’ল নিজবাটে ঘূৰি।


(১২)
শদিয়াৰ পৰা ধুবুৰীলৈকে বিচাৰিলো আপী
বিয়া পতাৰ চিন্তাই থ’লো পিছলৈ থেলি
টেটত কৰোঁ চাকৰি
আই পিতাইৰ সাৰথি
পিছে ছোৱালীহঁতে নামানে হেনো বুঢ়া-বুঢ়ীৰ দাবী।


(১৩)
বেমাৰ কেন্সাৰ , চাকৰি ভেন্সাৰ ,চাইকেল পাম্পচাৰ
এই তিনিৰ সমান বোলে নাই অত্যাচাৰ
চকুত সৰিয়হ ফুল, নাকত পানী,ভৰিত গেলা ঘা
মোহন মাষ্টৰে লৈ ফুৰে পিঠিত বান্ধি ভাৰ
আই অ’ দেহি, ৰজাৰ হাততো নাই দুই অনা পইছা।


(১৪)
বুদ্ধিত বৰ চোকা অজিত মহন্তৰ ল’ৰা
মোবাইল হাতত লৈ নেনামে বাইকৰ পৰা
বান্ধৱীবোৰ বৰ চালাক কৰে আমনি
মিচকল দি কথা পাতে নাই জিৰণি
বাপেকে ভৰে ফোনৰ বিল এটীয়া ল’ৰা।


(১৫)
পেটাল গাঁওবুঢ়াই মণ্ডলৰ লগ লাগি
বিধৱা পেঞ্চনৰ ধন খায় খুজি মাগি
মেম্বৰে আহি বুলিলে বচন
”হামাকো দিবো ভাগ অকণ অকণ
নহ’লে নোৱাৰিবি মাৰিব বাগি। ”


(১৬)
টকা-পইচা নাই যদি চিন্তা নকৰিবা
ভায়েৰাহতক মাতি আনি সন্থা খুলিবা
অলিয়ে গলিয়ে চান্দা ধৰি
ধুনীয়াকে ঘৰখন পুহিব পাৰি
মাজে মাজে পেপাৰত গৰম গৰম বিবৃতি দিবা।


(১৭)
এৰা গছেই বৰগছ চিন্তানো কিহৰ
জংঘলত পাতি আছে লাচিতহঁতে বাহৰ
পিয়নৰ জীয়েকক অপহৰণ কৰি
দাবী কৰিছে আঠীয়া কল একুৰি
কি যে বিপ্লৱ নতুন পুৰুষৰ।


(১৮)
কবিতাৰ মেলা পাতি খুৱালে ভোজ-ভাত
নিগনিপ্ৰভা বাইদেউ হ’ল কবি বিখ্যাত
মনে-প্ৰাণে ভাৱে কবিয়ে
কেনেকৈ কবিতা ৰছে
তিনিদিন খোৱা-বোৱা নাই পৰি আছে নৰিয়াত।


(১৯)
চাকৰি বিচাৰি খালো হাবাথুঁৰি
অফিচ, কোম্পানী আৰু কাছাৰী
সকলোতে চেৰেকীৰ পাক
চাৰ বুলিমনো কাক
নহ’লে কোন হ’বহি অমুকাৰ মাকৰ বোৱাৰী।


(২০)
ব’হাগ মানে বিহু,বিহু মানে নাচ
চান্দা, দম -খলকনি, মমতাঝহঁতৰ উদ্দাম নাচ
চোতালৰ বিহু আহি মঞ্চত উঠিল
ৰাইজৰ আশিষ গৈ বাঁহনিত পৰিল
বাপতি সাহোন জীউটি যেনে তেনে বাচ।


(২১)
ডিলে ডিলে মৰম নিদিলে
লাগে লাগে ভাল নালাগে
পালে পালে ছাগলী পাল
খালে খালে হাতীৰ খাল
বুলে আহি বুলিলে হাঁহে হাহেঁনে নেহাহেঁ ?


(২২)
লাডেন দাৰ ফটো ফেচবুকত দেখি
সকলো আৱাসী হাঁহিত পৰিল ফাটি
তাৰ বুকুৰ জংগল
নোচো্ৱাই মংগল
দেচোন কেঁচিখন দিও আমি কাটি।


(২৩)
হোষ্টেললৈ নতুনকৈ আহিল টাটাস্কাই
সকলোৰে ফুৰ্ত্তি এতিয়া কোনে পায়
এক্সটেনচন বৰ্ড বিচাৰি
খাও আমি হাবাথুঁৰি
এতিয়াহে টিভি চাওতা কোনো নাই।


(২৪)
পেপাৰ ষ্টেণ্ডৰ স্প্ৰিংডাল নিলে চুৰ কৰি
লাইব্ৰেৰীয়ান হয় গৰম, লয় পানী ঢালি
আহমেদ ছাৰ আহে
খঙত জ্বলি উঠে
“অ’ই তোমালোকে গাহৰিৰ দৰে থাকিবা নেকি?”


(২৫)
বন্ধৰ ৰাতিপুৱা সদায় হয় ফুটবল
অল্ড ব্লক সদায় হাৰে, নাপায় জিকাৰ চল
ফিল্ডৰ পৰা আহি
ভাতৰ কাঁহী
পেটত হজম হ’ল কেবাটাও গ’ল।


(২৬)
Mess Secyৰ মাথা গৰম, হিচাপ মিলা নাই
Store room in chargeয়ে নিগনি খেদি যায়
Social Service Secyয়ে
ৰাতিপুৱা শুই নুঠে
Manager-ৰে ভাল, ডাবল বাটি খাবলৈ পায়।

লিমাৰিকৰ বৈশিষ্ট্যলিমাৰিক কবিতাপ্ৰেমৰ লিমাৰিক
খুহুতীয়া লিমাৰিকEnglish Portalৰাজনীতিৰ লিমাৰিক

Back to top button
%d bloggers like this: