লিমাৰিক | Super 100

লিমাৰিক (Limerick)

লিমাৰিক হৈছে পাঁচশাৰীৰ ছন্দযুক্ত কবিতা যিবোৰত ঘাইকৈ হাস্যৰস বা ধেমেলীয়া কথা সন্নিবিষ্ট হৈ থাকে। ঊনৈশ শতিকাত এডৱাৰ্ড লিয়েৰে লিমাৰিকৰ ধাৰাটো জনপ্ৰিয় কৰি তোলে। লিমাৰিক ক-ক-খ-খ-ক ছন্দৰে লিখা হয় অৰ্থাৎ প্ৰথম, দ্বিতীয়, পঞ্চম শাৰীৰ মাজত আৰু তৃতীয় আৰু চতুৰ্থ শাৰীৰ মাজত ছন্দৰ মিল থাকে। তৃতীয় আৰু চতুৰ্থ শাৰী সাধাৰণতে আন তিনিশাৰীৰ তুলনাত কম দীঘল হয়।

“লিমাৰিক” একপ্ৰকাৰ কাব্য সৃষ্টিৰূপে প্ৰতিষ্ঠা লাভ কৰে এডৱাৰ্ড লিয়েৰৰ হাতত। ১৮৪৫ চনত লিয়েৰে তেখেতৰ প্ৰথমখন লিমাৰিক সংকলন “A book of nonsense” প্ৰকাশ কৰে। লিমাৰিকৰ বাটকটীয়া আছিল মহেন্দ্ৰ বৰা। ১৯৭০ত প্ৰকাশিত তেখেতৰ অসমীয়া কবিতাপুথিৰ সংকলন “এই নদীয়েদি”ত পৰিশিষ্ট হিচাপে এক ডজন লিমাৰিক পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ কৰে। লিমাৰিক একোটা পাঁচটা শাৰীৰ স্তৱক আকাৰৰ হয়। তাৰে প্ৰথম, দ্বিতীয় আৰু পঞ্চম শাৰীকেইটা দ্বিমাত্ৰিক ছন্দ-সম্বলিত আৰু মাজৰ তৃতীয় আৰু চতুৰ্থ চৰণ দুটা দ্বি-মাত্ৰিক। প্ৰতিটো “মাত্ৰা”ত দুটা চুটি “অক্ষৰ”(syllable) ৰ পিছত থাকিব লাগে এটা দীঘল “অক্ষৰ”।

প্ৰথিতযশা অসমীয়া সাহিত্যিক ড॰ মহেন্দ্ৰ বৰাদেৱে এটা পূৰ্ণাংগ লিমাৰিকত থকা লক্ষণসমূহ এইদৰে আগবঢ়াইছে (১) এটা স্তৱকেই একোটা লিমাৰিক। (২) প্ৰতিটো লিমাৰিকত চৰণ থাকে পাঁচটা। (৩) চৰণসমূহৰ মিলৰ গাঁথনিটো এনেকুৱা ক,ক,খ,খ,ক (৪) মাজৰ চৰণ দুটা বাকীকেইটাৰ তুলনাত চুটি, চুটি মানে একোটাকৈ পৰ্ব কম থাকে। (৫) শেষ চৰণটো আধাডুখৰীয়াকৈ, সম্পূৰ্ণকৈ নহয়, প্ৰথম চৰণৰ হুবহু পুনৰাবৃত্তি।

লিমাৰিকক বঙালী ভাষাত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে নাম দিছিল “খাপছাড়া”। অসমীয়া ভাষাত হীৰেন ভট্টাচাৰ্যদেৱে নাম দিছিল “পদ-ধেমালি” বুলি। “পঞ্চপদী” শব্দটিও কোনো কোনোৱে লিমাৰিকৰ প্ৰতিশব্দ বুলি ব্যৱহাৰ কৰা দেখা যায়। আনহাতে বহুতে লিমাৰিকক অসমীয়াত “উপপদ্য” আৰু “আপদীয়া পদ্য” নামেৰেও নামাংকৃত কৰিছে।

লিমাৰিকৰ বৈশিষ্ট্যলিমাৰিক কবিতাপ্ৰেমৰ লিমাৰিক
খুহুতীয়া লিমাৰিকৰাজনীতিৰ লিমাৰিক

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: