অসম

লোক সংস্কৃতিৰ শিল্পী-সাংস্কৃতিক কৰ্মী বাপন চন্দ্ৰ শৰ্মালৈ “চাইমন সিং হৰ-সন্তোষ কুমাৰ তপ্প” বঁটা

সংবাদদাতা, টংলা:- অবিভক্ত দৰং জিলাৰ কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভূঞাখাট গাঁৱৰ লোক সংস্কৃতিৰ শিল্পী, সাংস্কৃতিক কৰ্মী, কৌতুক অভিনেতা বাপন চন্দ্ৰ শৰ্মালৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটচাৰ কেন্দ্ৰীয় সমিতিয়ে আগবঢ়াইছে “চাইমন সিং হৰ -সন্তোষ কুমাৰ তপ্প” বঁটা। দৰঙী লোক-কলা, লোক সংস্কৃতিৰ লগতে সাংস্কৃতিক কৰ্মী হিচাপে খুলীয়া ভাউৰীয়া, সুকনান্নী ওজাপালি দলৰ এগৰাকী শিল্পী আৰু কৌতুক অভিনয়ৰ জড়িয়তে সংস্কৃতিৰ বহল পথাৰখনত বৰঙণি আগবঢ়াই অহা আৰু এগৰাকী সমাজ সংগঠক হিচাপে পৰিচিত হৈ অহাৰ বাবেই এই বঁটা আগবঢ়াইছে। শিল্পী বাপন চন্দ্ৰ শৰ্মাক অহা ২৮ ডিচেম্বৰত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত হ’বলগীয়া সংগঠনটোৰ ৭৪সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত উক্ত বঁটা প্ৰদান কৰিব বুলি অসম চাহ জনজাতি ছাত্ৰ সন্থাই কেন্দ্ৰীয় সভাপতি ধিৰাজ গোৱালা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অনন্ত সোণাই জানিবলৈ দিছে। উল্লেখযোগ্য যে ওদালগুৰি জিলাৰ কলাইগাঁও ৰাজহ চক্ৰৰ ভূঞাখাট গাঁৱৰ পিতৃ দামোদৰ শৰ্মা, মাতৃ যমুনা বালা দেবীৰ কনিষ্ঠ পুত্ৰ বাপন চন্দ্ৰ শৰ্মাই সৰু কালৰে পৰা কৌতুক অভিনয়ৰ জড়িয়তে চিনাকি হবলৈ সক্ষম হৈ শেষত ১৯৮৪। ৮৫ চনৰ পৰা সুদীৰ্ঘ ২৪ বছৰ ধৰি খুলীয়া ভাউৰীয়া আৰু ১৯৯৯ চনৰ পৰা সুকনান্নী ওজাপালিৰ সৈতে জড়িত হৈ সাংস্কৃতিক জগত খনৰ সৈতে জড়িত হৈ আহিছে। বাপন চন্দ্ৰ শৰ্মালৈ আটছাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এনে মহান বটাৰে সন্মানিত কৰাৰ বাবে আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকা, প্ৰচাৰ সম্পাদক হেমন্ত বৰা কোচ টংলা মিডিয়া চাৰ্কোলৰ, আপকু ওদালগুৰি জিলা সমিতি, বিটিএডি সাংবাদিক সন্থা, ভূঞাখাট সাহিত্য সভা, অবিভক্ত দৰং জিলা শিল্পী কল্যাণ নিধি, দৰং -ওদালগুৰি জিলা শিল্পী কল্যাণ পৰিষদ, আক্ৰাছু ওদালগুৰি জিলা সমিতি, ওদালগুৰি জিলা যুৱ সংসদৰ সম্পাদক অৰূপ বড়ো আদিয়ে অভিনন্দন জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: