অসম

শতাধিক বৰ্ষীয়ান মহিলাই ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিলে পশ্চিম যোৰহাটৰ দীন দত্ত স্মৃতি ক্ষেত্ৰত

সংবাদদাতা, পশ্চিম যোৰহাট:- যোৰহাট জিলা প্ৰশাসনৰ নিৰ্দেশত স্বাস্থ্য বিভাগৰ লোকে প্ৰদান কৰা ক’ভিড-১৯ ৰ প্ৰতিষেধক ১০ আগষ্টত পশ্চিম যোৰহাট অঞ্চলৰ কলা, লাখুটীয়া আৰু ব্ৰাহ্মণ গাঁৱৰ শতাধিক মহিলাই দীন দত্ত স্মৃতি ক্ষেত্ৰত গ্ৰহণ কৰিলে। ভাৰতীয় জনতা পাৰ্টিৰ খঙীয়া মণ্ডল আৰু পশ্চিম যোৰহাট সন্মিলিত কলা কৃষ্টি পৰিষদৰ উদ্যোগত লেহেটীয়া-ব্ৰাহ্মণ, কলা গাঁওৰক্ষী বাহিনীৰ সহযোগত দীন দত্ত স্মৃতি ক্ষেত্ৰস্থিত দীন দত্ত আদৰ্শ প্ৰাথমিক বিদ্যালয়ত প্ৰদান ক’ভিড-১৯ ৰ প্ৰতিষেধক ১৫০ গৰাকীক প্ৰদান কৰা হয়।

তিনিওখন গাঁৱত বসবাস কৰি থকা লোকসকলৰে বিশেষকৈ বৰ্ষীয়ান মহিলাসকলক ৯ আগষ্টৰ দিনাই আয়োজকসকলে ঘৰে ঘৰে গৈ আমন্ত্ৰণ কৰাৰ লগতে একোটাকৈ ক্ৰমিক সংখ্যা প্ৰদান কৰি থৈ আহে। সেই ক্ৰমিক সংখ্যাৰ ভিত্তিতে ১০ আগষ্টত শতাধিক বৰ্ষীয়ান মহিলা স্মৃতি ক্ষেত্ৰস্থলীত পুৱা ১:০০ বজাৰ পৰা ক্ৰমানুসাৰে উপস্থিত হয় আৰু ক’ভিড-১৯ ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা মানি ক্ৰমানুসাৰে প্ৰতিষেধক গ্ৰহণ কৰে। তাৰ পূৰ্বেই উপস্থিত লোকসকলৰ ক’ভিড পৰীক্ষা কৰি লোৱা হয়।

তিনিওখন গাঁৱত বাস কৰি থকা ১৮ বছৰৰ ওপৰৰ সকলোকে ক’ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান কৰিবলৈ স্বাস্থ্য বিভাগৰ প্ৰতি উদ্যোক্তাসকলে আহ্বান জনোৱাৰ লগতে প্ৰতিষেধক প্ৰদানত সম্পূৰ্ণ সহায়-সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিছে। উল্লেখ্য, তিনিওখন গাঁৱত বসবাস কৰি থকা ১৮ বছৰৰ ওপৰৰ অধিক সংখ্যক পুৰুষ-মহিলাই এতিয়াও প্ৰতিষেধক গ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰা নাই। প্ৰতিষেধক প্ৰদানৰ আৰম্ভণিতে স্বাস্থ্য বিভাগৰ লোক আৰু প্ৰতিষেধক প্ৰদান কেন্দ্ৰটো স্মৃতি ক্ষেত্ৰলৈ অনাত সহযোগিতা কৰা সকলক উদ্যোক্তাসকলে আদৰণি জনায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: