অসম

শতায়ু গৰকা মুক্তিযোদ্ধা খগেশ্বৰ গগৈক জিলা কংগ্ৰেছৰ সম্বৰ্ধনা

সংবাদদাতা, বাহনা:- ভাৰতৰ স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ উপলক্ষে আজি যোৰহাট জিলা কংগ্ৰেছৰ তৰফৰ পৰা যোৰহাটৰ ১০৩ বছৰীয়া মুক্তি সেনানী খগেশ্বৰ গগৈক সম্বৰ্ধনা জনায়। ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত জনোৱা সম্বৰ্ধনা অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, প্ৰাক্তন সাংসদ দ্বীপ গগৈ,

যোৰহাট জিলা পৰিষদৰ প্ৰাক্তন সভাপতি পুতুল বুঢ়াগোহাঁই, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কৃষ্ণকান্ত দাস, সম্পাদক ভূপেন বৰগোহাঁই, মুখপাত্ৰ দেৱজ্যোতি শ্ৰুতিকৰ, ধ্ৰুৱজিত গগৈ, যুৱ কংগ্ৰেছৰ সভাপতি বিকাশ গগৈ, জিলা পৰিষদৰ উপসভাপতি বাসৱী শইকীয়াই অংশগ্ৰহণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: