অসম

শব্দ-সাঁকোৰ প্ৰথম বৰ্ষপূৰ্তিত দহখন গ্ৰন্থ উন্মোচন

সংবাদদাতা, পশ্চিম যোৰহাট:- ”নৱ নৱ জ্যোতিৰে বাধাৰ প্ৰাচীৰ ভেদি আশাৰ ফুল চটিয়াই সৃষ্টিৰ পথাৰত এখোজ আগুৱাই শব্দেৰে গঢ়ি তুলিম এক চিৰসেউজীয়া সাঁকো” এই আপ্তবাক্যক লৈ গঠিত শব্দ-সাঁকোৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত ৫ ডিচেম্বৰত অনুষ্ঠিত সভাত বিনোদনধৰ্মী মাহেকীয়া আলোচনী শব্দ-সাঁকোৰ লগতে দহখন গ্ৰন্থ উন্মোচন কৰা হয়। মামনি কলিতাৰ “সেই মিঠা হাঁহিটো”, মৌচুমী গগৈ গোহাঁইৰ “ অনুভৱৰ জোনাক”, বৰ্ণালী পাটগিৰি গোহাঁইৰ “নয়নাৰ কথাৰে” গল্প সংকলন, অপৰ্ণা হাজৰিকা তামূলীৰ “সুগন্ধি শব্দ মালা”, নিভা বৰা বৰুৱাৰ “ অনুভৱৰ স্নিগ্ধ জোনাক”, হিৰুমা শইকীয়াৰ নেদেখা নদীৰ সিপাৰে”, মীনা বৰাৰ “ভাৱনাৰ ইপাৰে-সিপাৰে”, ৰেখা গোহাঁইৰ “ জীৱনৰ ৰং”, প্ৰেম বৈষ্ণৱৰ “তুমিয়েই মোৰ জীৱনৰ কবিতা মই তোমাৰ আজন্ম প্ৰেমিক” উন্মোচন কৰে ৰমেন শইকীয়া, হেমচন্দ্ৰ শইকীয়া, ৰিঞ্জুমণি নেওগ বৰা, মৃণালিনী গোস্বামী, ৰূপম শাস্ত্ৰীয়ে। জ্যোৎস্না বৰা শইকীয়া, মনশ্ৰী হাজৰিকা, দাদুমণি বৰা, অবিনাশ বৰাই আঁত ধৰা সভাত গ্ৰন্থ উন্মোচন কৰি কেউগৰাকীয়ে বক্তব্য আগবঢ়ায়। ভালেকেইগৰাকীক বিভিন্ন বঁটা আৰু ইতিমধ্যে অনুষ্ঠিত প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত সকলক পুৰস্কাৰ প্ৰদান কৰে। ৰাজ্যখনৰ বিভিন্ন স্থানৰ ভালেসংখ্যক লোক উপস্থিত থকা সভাখনত কুৰিগৰাকীৰো অধিকে স্ব-ৰচিত কবিতা পাঠ কৰাত প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: