অসম

শালবাৰীৰ গোৱৰ্ধনাত বেঁকী নৈৰ তীব্ৰ খহনীয়া

জাহ গ’ল চৰকাৰী ঘৰ, শিৱ মন্দিৰ, জলসিঞ্চন প্ৰকল্পৰ কাৰ্যালয় ; ভাবুকি আহিছে ১১৫ বছৰীয়া সত্ৰলৈ

সংবাদদাতা, বৰপেটা ৰোড:- বাক্সাৰ শালবাৰীৰ গোৱৰ্ধনাত বেঁকী নৈৰ তীব্ৰ খহনীয়া৷ খহনীয়াত ইতিমধ্যে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ, খেতিপথাৰ, শিক্ষানুষ্ঠান, শিৱ মন্দিৰ আদি উছন হৈ গৈছে৷ বেঁকীৰ খহনীয়াত শেহতীয়াকৈ জাহ যোৱাৰ উপক্ৰম হৈছে ১১৫ বছৰীয়া শংকৰ-মাধৱ সত্ৰ৷ সত্ৰখনৰ পৰা মাত্ৰ ২৫/৩০ মিটাৰ নিলগত

বেঁকী নৈয়ে অৱস্থান কৰি প্ৰতিদিনে খহনীয়া অব্যাহত ৰাখিছে৷ ১৯০৬ চনতে স্থাপিত সত্ৰখনক বেঁকীৰ খহনীয়াৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে৷ নৈপৰীয়া চাৰিটা পৰিয়ালে দুমাহ আগতে লাভ কৰা চৰকাৰী গৃহ আজি নদীৰ বুকুত বিলীন হৈ যায়৷ জাহ যাব খোজা শিৱ মন্দিৰক বচাবলৈ আবেগিক

হৈ পৰে এগৰাকী মুছলমান লোক৷ কান্দি-কান্দি চৰকাৰক সহায় ভিক্ষা বেঁকীৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ৷ চৰকাৰীভাবে খহনীয়া ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ ক্ষোভ কোনোবা সত্ৰক কোটি টকা দিয়াতকৈ গোৱৰ্ধনাৰ শংকৰ মাধৱ সত্ৰক অন্ততঃ খহনীয়াৰ কবলৰ পৰা কিবাপ্ৰকাৰে ৰক্ষা কৰক৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: