অসম

শাসকীয় চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ

■ ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো। ■ পকীদলং নিৰ্মাণ কৰিবলৈ ৰাইজৰ প্ৰৱল দাবী।

সংবাদদাতা, টংলা : দেশে গৌৰৱোজ্জ্বল স্বাধীনতা লাভ কৰা ৭৪টা বছৰ অতিক্ৰম কৰাৰ পিছতো ওদালগুৰি জিলাৰ এখন অতি ভিতৰোৱা ৰাজহ গাঁৱৰ ৰাইজে এটি দ্বীপ সদৃশ ঠাইত বসবাস কৰি আহিছে।গাঁও খন হ’ল বি টি আৰৰ খৈৰাবাৰী পৰিষদী য় সমষ্টিৰ  ভেৰগাঁও  উন্নয়ন খণ্ডৰ অন্তৰ্গত দাৰোগাখাট ঘোঁৰামাৰা ৰাজহ গাঁও। অতীজৰে পৰাই গাঁওখনে যমৰ-যাতনাত ভুগি আহিছে যদিও কোনো জনপ্ৰতিনিধিয়ে 

গাঁওখনৰ বিপদৰ বন্ধু হোৱাৰ পৰিৱৰ্তে দৃষ্টিকটুভাৱে অৱহেলাৰে বঞ্চিত কৰিছে। ভিন্ন জনগোষ্ঠীয়ে সমিলমিলেৰে বাস কৰা শান্তিপূৰ্ণ গাঁওখনক ৬৪ নং পানেৰী আৰু ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত যদিও  দুয়োটা সমষ্টিৰ  বিধায়কদ্বয়ে  কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই। মন্ত্ৰী,বিধায়ক, বিভাগীয় কৰ্তৃপক্ষক বছৰ বছৰ ধৰি আবেদন নিবেদন কৰি কোনো সুফল নোপোৱা গাঁওবাসীক  চাৰিখন দলঙে জ্বলা-কলা খোৱাইছে।

গাঁওখনৰ উত্তৰ দিশে ঘোঁৰামাৰা নদীৰ ওপৰত তিনিখন দলং আৰু পূব দক্ষিণ দিশৰ  দোঙৰ ওপৰত থকা দলং এখন আছে। চাৰিখন দলঙে গাঁওবাসীক এটি দ্বীপত আবদ্ধ কৰিছে। প্ৰতিবছৰৰ দৰে এইবেলিও ২১মে’ শুক্ৰবাৰে গাঁওখনৰ ৰাইজে মিলিজুলি গাঁঠিৰ ধন খৰছ কৰি পূৱ-দক্ষিণ দিশত এখন আৰু উত্তৰ দিশে এখন  বাঁহৰ সাঁকো অৰ্থাৎ বাঁহৰ দলং নিৰ্মাণ কৰে আহ-যাহৰ সুবিধাৰ্থে। দলং নিৰ্মাণ কৰাটো গাঁওবাসীৰ বাৰ্ষিক উৎসৱ উদযাপন কৰাৰ লেখীয়া।

ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী সৱে  বাঁহ কিনিয়ে হওক নাইবা তোলা-তুলি কৰি অশেষ শ্ৰমদানৰ বিনিময়ত দলং নিৰ্মাণ কৰে।নিজৰ সমস্যা নিজে সমাধান কৰা সমস্যা জৰ্জৰিত গাঁওখনে দলং নিৰ্মাণ কৰি গৌৰৱ অনুভৱ কৰে কাৰণ বাৰিষা কালত  বা খৰালি কালতে হওক ছাত্ৰ-ছাত্ৰী, দৈনিক ক্ষুদ্ৰ ব্যৱসায়ৰ স’তে জড়িত লোকক যথেষ্ট সহায় কৰে।ডেলিভাৰী বা জটিল ৰোগত আক্রান্ত লোকৰ বাবে এম্বুলেন্সৰ আশা প্ৰকাশ নকৰে কাৰণ গাঁৱৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে।

যাৰ ফলত ঠেলা, চাইকেল বা কান্ধত তুলিহে উন্নত চিকিৎসাৰ বাবে নিব লাগে। ৰাইজে সাংবাদিকৰ আগত অভিযোগ দাঙি ধৰি কয় যে জনপ্ৰতিনিধিৰ কোনো কাণসাৰ নাই।কেৱল চকুমুদা কলিৰ ভাও ধৰে।নিৰ্বাচন আহিলে গাঁওখনত নেতা-পালিনেতা, জনপ্ৰতিনিধি সক্রিয় হৈ বাট -পথ, দলং পকীকৰণৰ ভুৱা প্ৰতিশ্ৰুতি দি আহে। বিজয়ী হোৱাৰ পিছত কোনো মন্ত্ৰী, বিধায়ক, পাৰিষদ,নেতা কৰ্মীয়ে সমস্যাৰ  সমাধানসূত্ৰ উলিয়াবলৈ গাঁওখনত দুনাই প্ৰৱেশ নকৰে।

পাঁচ বছৰৰ পিছত আকৌ ভোট বিচাৰি গাঁওখন ত ৰাজনৈতিক দল -সংগঠনৰ খদমদম। স্বাধীনতা আন্দোলনৰ ৭৪টা বছৰ অতিক্ৰম কৰি অসমৰে নহয় ভাৰতৰ বিভিন্ন ৰাজ্য দোপত- দোপে উন্নতিৰ শিখৰত আৰোহণ কৰিছে যদিও ওদালগুৰি জিলাৰ ঘোঁৰামাৰা দাৰোগা চুবা গাঁওখনে আজিকোপতি উন্নয়নৰ মুখ নেদেখিলে, উন্নয়নৰ নামত ফটা ঢোলহে দেখিলে।তাৰবাবে গাঁওবাসীৰ কোনো খেদ নাই।

নতুন চৰকাৰখনলৈ আহ্বান গাওঁবাসীৰ এটাই প্ৰাৰ্থনা বাট পথ, দলং চাৰিখন পকীকৰণ কৰক। অসম চৰকাৰৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পানেৰী সমষ্টিৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, কলাইগাঁৱৰ বিধায়ক দুৰ্গাদাস বড়ো,বিটি আৰৰ মুখ্য কাৰ্যাবাহী প্ৰমোদ বড়ো ,খৈৰাবাৰীৰ পাৰিষদ ভবেন বড়ো, লোক নিৰ্মাণ বিভাগক ঘোঁৰা মাৰা দাৰোগাচুবা গাঁওবাসীয়ে বিনম্রভাৱে অনুৰোধ জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: