অসম

শিক্ষানুষ্ঠানত ইক’-য়ুথ ক্লাৱ গঠন

সংবাদদাতা, পশ্চিম যোৰহাট:- সমগ্ৰ শিক্ষা,অসমে ৰাজ্যৰ প্ৰতিখন প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষানুষ্ঠানলৈকে ইক’ আৰু য়ুথ ক্লাৱ গঠনৰ নিৰ্দেশনা দিছে। এই ক্লাৱ গঠনৰ প্ৰক্ৰিয়া, দায়িত্বৰতসকলৰ কৰ্ম, নথি-পত্ৰ সংৰক্ষণ, কৰ্ম ৰূপায়ণৰ পদ্ধতি সম্পৰ্কত একোখনকৈ পুষ্টিকা প্ৰতিখন শিক্ষানুষ্ঠানলৈ প্ৰেৰণ কৰিছে।এই ক্লাৱ পৰিচালনাৰ বাবে শিক্ষানুষ্ঠান ভিত্তিত ধন শিক্ষানুষ্ঠানখনৰ নামত থকা বেংকৰ হিচাপত জমা কৰি দিছে।

ক্লাৱ পৰিচালনাৰ বাবে উক্ত ধনেৰেই সামগ্ৰী, সমল ক্ৰয় কৰাৰ লগতে আয়-ব্যয়ৰ হিচাপ ৰাখিবলৈও নিৰ্দেশনা দিছে। সেই নিৰ্দেশনাৰ ভিত্তিত ৰাজ্যৰ অন্যান্য শিক্ষানুষ্ঠানৰ লগতে যোৰহাট জিলাৰ উত্তৰ-পশ্চিম যোৰহাট শিক্ষা খণ্ডৰ অন্তৰ্গত সৰুচৰাই মণ্ডলৰ এলেকভূক্ত সাহপুৰীয়া কে চি প্ৰাথমিক বিদ্যালয়ত ইতিমধ্যে গঠন কৰা ইক’ য়ুথ ক্লাৱৰ সমিতিখনে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি

ৰমেন শইকীয়াৰ সভাপতিত্বত ৭ আগষ্টত অনুষ্ঠিত সভাত দায়িত্ব গ্ৰহণ কৰে। উল্লেখ্য, সমিতিখন ৮ এপ্ৰিলত গঠন কৰা হৈছিল যদিও ক’ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰ নিৰ্দেশনাৰ বাবে সমিতিখনে দায়িত্ব গ্ৰহণ কৰিবলৈ সময়-সুবিধা পোৱা নাছিল সেয়ে ৭ আগষ্টত দায়িত্ব গ্ৰহণ কৰে আৰু কৰ্ম ৰূপায়ণৰ বাবে ইতিমধ্যে ক্ৰয় কৰা সামগ্ৰী সমল গ্ৰহণ কৰে। সমিতিখনে কৰ্ম ৰূপায়ণৰ বাবে ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰি কামত অগ্ৰসৰ হৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: