অসম

শিক্ষামন্ত্ৰীক যোৰহাটত আদৰণি জনালে শিক্ষক সংগঠনৰ প্ৰতিনিধিয়ে

সংবাদদাতা, পশ্চিম যোৰহাট : অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ১৯ জুনত যোৰহাটত উপস্থিত হওঁতে যোৰহাট জিলা মধ্য ইংৰাজী আৰু মজলীয়া বিদ্যালয় শিক্ষক সংস্থাৰ হৈ এটা প্ৰতিনিধিৰ দলে সাক্ষাৎ কৰি আদৰণি জনায়। শিক্ষক সংস্থাৰ প্ৰতিনিধিৰ দলটোৱে যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়

পৰিদৰ্শন কৰিবলৈ উপস্থিত হওঁতেই সাক্ষাৎ কৰে আৰু আদৰণি জনায়। শিক্ষক সংস্থাৰ প্ৰতিনিধিসকলে দুয়োটা সংগঠনৰ সমস্যা সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰি শিক্ষামন্ত্ৰীজনক সমস্যাকেইটা সমাধানৰ বাবেও আহ্বান জনায়। প্ৰতিনিধি দলটোৰ সৈতে শিক্ষামন্ত্ৰী গৰাকীয়ে মত বিনিময় কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: