শিক্ষার্থীৰ বাবে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰস্তুত কৰা ”শৈক্ষিক সমল পুস্তিকা” উন্মোচন

সংবাদদাতা, পশ্চিম যোৰহাট:- প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত আৰু বৰ্তমান ঘৰতে আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ঘাটি পূৰণ কৰিবলৈ যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীৰ বাবে প্ৰস্তুত কৰি উলিওৱা শৈক্ষিক সমল পুস্তিকাখন যোৰহাট জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক ডক্টৰ শুভলক্ষ্মী ৰাজকুমাৰীয়ে বিদ্যালয় পৰিদৰ্শক কাৰ্যালয়ত ৮ ফেব্ৰুৱাৰীত উন্মোচন কৰে। এই “শৈক্ষিক সমল পুস্তিকা” জিলাখনৰ সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰাকৈ সন্মিলনীৰ শাখা গোটসমূহলৈ অনলাইন যোগে প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীত অভিভাৱকক জড়িত কৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ঘাটি সমূহ পূৰণ কৰিব পাৰিব। পুস্তিকাখন উন্মোচন কৰি শিক্ষা বিষয়াগৰাকীয়ে কয়, যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ এই পদক্ষেপ অতি আদৰণীয়, সময়োপযোগী আৰু প্ৰশংসনীয়। এই পদক্ষেপৰ বাবে প্ৰাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল যথেষ্ট উপকৃত হ’ব। যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ এনেধৰণৰ যোগাত্মক কাম-কাজত পাৰ্যমানে সহায়-সহযোগিতা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি তেওঁ আগবঢ়ায়। এই কৰ্মৰ বাবে ব্যয় হ’ব লগা সকলো খৰচ জিলাখনৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে স্বেচ্ছামূলকভাবে ব্যয় কৰিব। বিদ্যালয় সমূহ পুনৰ স্বাভাৱিক পাঠদান আৰম্ভ হ’লেও এই কাৰ্যসূচীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ঘাটিৰ মূল্যায়ন কৰাত সহায়ক হ’ব।