শিশু কবিতা | Super 100

শিশুৰ মানসিক, বৌদ্ধিক, শাৰীৰিক, চাৰিত্ৰিক আদি বিকাশত শিশু-সাহিত্যৰ ভূমিকা অসীম। শিশুৰ চৰিত্ৰ, বয়স, ভাষা, বোধ-ক্ষমতা ইত্যাদি  মনস্তাত্ত্বিক দিশলৈ লক্ষ্য কৰি ৰচনা কৰা এই সাহিত্যই শিশুৰ জীৱনত উল্লেখনীয় প্ৰভাৱ পেলায়। লিপি শিক্ষাৰ প্ৰাথমিক স্তৰৰ পৰা পূৰ্ণ পাঠ পঠনৰ ক্ষমতা অৰ্জন কৰালৈ শিশু-সাহিত্যই কেইবাটাও স্তৰ অতিবাহিত কৰিলেও শিশুৰ বোধ শক্তিৰ প্ৰতিও বিশেষ নজৰ দিবলগীয়া হোৱা গুণেই শিশু-সাহিত্য ৰচনা অতি কঠিন। তাৰ উপৰি বিষয়বস্তু নিৰ্বাচনো এই ক্ষেত্ৰত এক গুৰুত্ব দিবলগীয়া বিষয়। (শিশু কবিতা)
অকণিৰ গীত

ফুলত পৰি পখিলাই 
ফুলৰ মৌ খায়
তাকে দেখি ৰংমনে
মনত বহু ৰং পায়...।
এখুজী-দুখুজীকৈ
দুভৰি আগুৱাই
হাতখন মেলিলেই
উৰি যায় পখিলাই...।
হাঁহি ভৰা মুখখনি 
ম্লান পৰি যায়
মাকে বোলে পখিলাক 
ধৰিব নাপায়...।
তোমাৰো প্রিয় পখিলাৰো প্রিয়
বহু ৰঙী ফুল
সেয়ে পখিলা ধৰি
নকৰিবা ভুল...।

✍ইলা পেটেল 
   আহমেদাবাদ 
ধ্ৰুৱতৰাৰ কথা

ৰংমন, সোনমণি, আৰু ধনমন
কাষ চাপি আহা
আজি ধ্ৰুৱৰ কাহিনী কওঁ
পাটী পাৰি বহা,
ল'ৰাহঁতে বোলে সচাই
বৰ  মজা হ'ব
আইতাই আজি আমাক
ধ্ৰুৱতৰাৰ কাহিনী ক'ব,


সুনীতি, সুৰুচি দুগৰাকী পত্নী
উত্তানপাদ নামৰ ৰজাৰ
সুনীতি আছিল ডাঙৰ গৰাকী
সৰুগৰাকী সুৰুচি নামৰ,
জনজাতিসকলৰ মুখীয়ালৰ
সুনীতি আছিল কন্যা
বিত্তশালী ৰজাৰ জীয়ৰী
সুৰুচি যেন সুন্দৰৰ বন্যা,


সুনীতিৰ পুত্ৰ ধ্ৰুৱই 
ৰজা হোৱাৰ অধিকাৰ পালে
পিছে সুৰুচিক বিয়া কৰাই ৰজাই 
সুনীতিক এলাগী কৰি ৰাখিলে,
ডাঙৰ ৰাণীক সুৰুচিয়ে
বৰ হিংসা কৰে
নিজ পুত্ৰ উত্তম হে
ৰজা হোৱাটো বিচাৰে,


এদিন ৰজাৰ কোঁচত উত্তমক দেখি
ধ্ৰুৱৰো বহিবলৈ মন যায়
সুৰুচিয়ে তেওঁক বাধা দি ক'লে
কোঁচত বহাৰ অধিকাৰ উত্তমেহে পায়
সঁহাৰি পোৱাৰ আশাত ধ্ৰুৱই
দেউতাকৰ চকুলৈ চাই
কিন্তু সুৰুচিৰ কথাৰ প্ৰতিবাদ কৰাৰ
ৰজাই সাহস নাই,


ঘটনাটোৰ পাছত ধ্ৰুৱই
মনত বৰ আঘাত পালে
মাকৰ কাষলৈ গৈয়ো
কোনো উত্তৰ নাপালে,
দৃঢ় মনৰ ধ্ৰুৱই
 তপস্যা কৰাৰ সিদ্ধান্ত ল'লে
ধৰালৈ আহি নাৰদ মুনিয়ে
মন্ত্ৰ এটি শিকাই দিলে,


ধ্ৰুৱৰ তপস্যাত সন্তুষ্ট হৈ
ভগৱান বিষ্ণুৱে দৰ্শন দিলে
দিব্যজ্ঞানৰ উপৰিও আকাশত 
ধ্ৰুৱতৰা হৈ জিলিকিব বুলি ক'লে,
ধ্ৰুৱক কৰা ব্যৱহাৰৰ বাবে
ৰজা অনুতপ্ত হ'ল
বৰ উৎকণ্ঠাৰে তেওঁ
ধ্ৰুৱ ওভতালৈ বাট চাই ৰ'ল,


দিব্যজ্ঞান লাভকৰা ধ্ৰুৱক
ৰাজ্য শাসনৰ ভাৰ দিলে
বানপ্ৰস্থ জীৱন কটাবলৈ
ৰজাই আশ্ৰমলৈ গমন কৰিলে,
ৰজা হিচাপে ধ্ৰুৱ 
বৰ জ্ঞানী ৰজা আছিল
মৃত্যুৰ পিছতো তেওঁ আকাশত
ধ্ৰুৱতৰা হৈ জিলিকি থাকিল,


কিমান শুনিবা ধ্ৰুৱতৰাৰ কথা
আজিলৈ হ'লে থ'লোঁ
সদায় ধৰ্মত থাকিবলৈ 
ল'ৰাহঁতক ক'লো।
            
 পৰাণ কলিতা
নগাঁও 
মুগ্ধাক্ষীৰ কথাৰে

মুগ্ধাক্ষী মোৰ নাম,
ভাবিছিলো গৰম বন্ধত ৰেলত উঠি ফুৰিবলৈ যাম..
মা-দেউতাৰ স'তে নতুন নতুন ঠাই চাম,ফুৰ্তিতে ৰাভাককাৰ গান গাম...
কিন্তু, কিনো আহিল কৰ'না..
মিছা হ' ল সকলো ভাৱনা...
ঘৰৰ পৰা ওলোৱা মোৰ আৰু ককাৰ মানা...
পিছে এটা কথা হৈছে বহুত ভাল জানা,
আজিকালি পানী খেলিলে মায়ে নকৰে বাধা..
বাৰে বাৰে হাত ধুৱলৈ কৰিছে যে মাইকতো ঘোষণা,
ছবি আঁকো, নাচোঁ আৰু ডাঙৰৰ সকলো কথা শুনো কোলাত লৈ মোৰ মাইনু পুতলা ৰাধা...
নাজানো কেতিয়া আকৌ স্কুললৈ যাম,
বাইদেউ - চাৰক লগ পাম...
পূৱা-গধুলি নমো কৰোঁ,
যায় গৈ যেন দুষ্ট কৰ'না বহু দূৰলৈ,
 কেতিয়াওঁ নাহে উভতি আৰু...

✍নিশিচন্দ্ৰা বৰুৱা
গুৱাহাটী 
মন যায়

মন যায়
গছ হ’বলৈ
য’ত চৰাই-চিৰিকতিৰ মাত শুনিবলৈ পাঁও৷

মন যায়
ডাৱৰ হ’বলৈ
যাৰ পানীত
সূৰ্য্যৰ পোহৰে ইন্দ্ৰধনু সাজে৷

মন যায়
সূৰ্য্য হ’বলৈ
যিয়ে পৃথিৱীক পোহৰ দিয়ে৷

মন যায়
মাটি হ’বলৈ
যিয়ে মানৱক জীয়াই থাকিবলৈ দিয়ে ৷

মন যায় 
মানৱ হ’বলৈ
মানৱ অমৰটো নহয়
অমৰ হয় 
মা আৰু দেউতাৰ মৰম ৷৷

✍ শ্ৰীমতী ৰুণালী দেউৰী
সপ্তম শ্ৰেণী
শিয়ালী এ নাহিবি ৰাতি

 “শিয়ালী এ নাহিবি ৰাতি
 তোৰে কাণে কাটি
 লগামে বাটি”-
 নিচুকনি গীত গাই গাই
 যেতিয়া আইয়ে থৈছিল
 শুৱাই
 ডাৱৰ ভাঙি ভাঙি
 নামি আহিছিল
 ৰুপোৱালি জোনবাই
 মিচিকিয়া হাঁহিৰে 
 কোঁচত তুলি 
 লৈ গৈছিল মোক
 সপোনপুৰীলৈ
 বগৰী বুটলি বুটলি 
 দুয়ো যেতিয়া পাইছিলোঁগৈ
 এখন জয়াল হাবি
 জোনবায়ে কৈছিল,
 "সোণ, ইয়াত কোনো ভয় নাই"
 এনেতে
 জোপোহাৰ আঁৰৰ পৰা
 কে হোৱা কে হোৱা কৈ
 শিয়াল এটিয়ে
 লগালেহি মাত
 ভয়তে মই খামুচি ধৰিলোঁ
 জোনবাইৰ গাত
 দূৰৈৰপৰাই আছিল কুকুৰৰ দল এটাই
 আলেখলেখ চাই
 ভৌ ভৌ কৈ আহিল খেদি
 জোপোহাৰ ওচৰলৈ
 তাকে দেখি ভয়তে
 শিয়াল সোমাল গাঁতত
 চিঞৰ মাৰি ময়ো উঠিলোঁ
 আইয়ে তুলি ল’লে কোঁচত ..

 ✍ গীতুমণি তালুকদাৰ
 পাঠশালা
শৈশৱতে ধেমালি

 বাঁহৰ আঙঠা ভলুকাৰ যাত্ৰা 
 ক'লী বগী আছিল যে তাত
 সৰু সৰু পুঠি
 খাব লাগে মুঠি
 খলৌমলৌ কৰে আহি পেটত
 এঢোপ দুঢোপ কাৱৈ মাছ
 আমাৰ মইনাই চাব যায়
 জপিয়াই জপিয়াই 
 দুগালত চৰিয়াই
 মইনাৰ গালত আহি 
 ধুপুচ ধুপুচ পৰি যায়
 চিনাকী চিনাকী
 মইনাৰ পদুলি 
 ৰম্ভা মেনকাৰ কাৰেঙৰ লিগিৰি।

 ✍মৌচুমী হুজুৰী
 বৰমা (নিজ-জুলুকী)
সমবেত গীত

আমি কণ কণ অকণি
আহিছোঁ পোহৰ বিচাৰি 
আমি কণ কণ অকণি
আহিছোঁ পোহৰ বিচাৰি
অজ্ঞান আন্ধাৰ নেওচি
যেন নিশাৰ জোনাকী
আমি কণ কণ অকণি
আহিছোঁ পোহৰ বিচাৰি
পোহৰ বিচাৰি ফুৰা
আমি কণ কণ অকণি
আহিছোঁ পোহৰ বিচাৰি
শিক্ষা দীক্ষাৰে উজলাম
আই অসমী
শিক্ষাই কৰিব জ্ঞান চকু মুকলি
জ্ঞানেই দিব দুখৰ পৰা মুক্তি
আমিয়েই আনিম শিক্ষাৰ প্ৰগতি
আহিছোঁ পোহৰ বিচাৰি
আমি কণ কণ অকণি
আহিছোঁ পোহৰ বিচাৰি
আমি কণ কণ অকণি।

✍ মঞ্জু ৰাণী দেৱী
টিংৰাই, ডিগৱৈ
অকণি কবিতাৰ কুকি 


(১)
গুলপীয়া গোলাপ কেইপাহ,
চিঙিবলৈ নাই মইনাৰ হেঁপাহ।
ককাই বোলে পালোঁ সকাহ,
ফুলিছেহে এপাহ দুপাহ।

(২)
ধনে বোলে
বান্দৰ খুড়া,
গছৰ ডালত
কেনেকৈ শোৱা?

(৩)
হাবিত শিয়ালে
দিছে হোৱা,
ভয়তে মইনাৰ
অৱস্থা বেয়া।

(৪)
কেৰেলাই ক'লে
বিলাহী ভাই,
ছাল কোমল কৰাৰ
দিয়া উপায়? 

(৫)
ফুলনিত উৰিছে
ৰঙা নীলা
ফুটুকী পখিলা,
মইনাই বোলে
কাহিলী পুৱাতে
কিয় আহিলা।

(৬)
ইটো-সিটো, কিবা-কিবি,
যেনি-তেনি, যায়। 
ভাবি-গুণী, ঘামি-জামি,
অনুৰূপ, যুৰীয়া শব্দ চিনি পায়।

✍ পৰাণ কলিতা
যোৰহাট

প্ৰেমৰ কবিতা | E-Paper

Back to top button
%d bloggers like this: