অসম

শিৱসাগৰত অক্সিজেনভৰ্তি ট্ৰাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ

সংবাদদাতা, শিৱসাগৰঃ শিৱসাগৰত অক্সিজেনভৰ্তি ট্ৰাক আৰু বাইকৰ মাজত সংঘটিত হৈছে ভয়ংকৰ মুখামুখি সংঘৰ্ষ। দূৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হৈছে দুজন বাইক আৰোহী। শিৱসাগৰৰ গেমন দলঙৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি ৪ মান বজাত সংঘটিত হয় দুৰ্ঘটনাটো।

যোৰহাটৰ দিশে গৈ থকা আক্সিজেন ভৰ্তি এখন ট্ৰাকে শিৱসাগৰ দিশে আহি থকা এখন গ্লেমাৰ বাইকত মুখামুখিকৈ খুন্দা মাৰে। ফলত বাইক আৰোহী দুই যুৱক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়। দূৰ্ঘোটনাটো সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS03BC2900 । পিছত স্থানীয় লোকে

আহত বাইক আৰোহী দুজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বাইকখনৰ নম্বৰ হৈছে- AS04W6735 । ইপিনে, অক্সিজেনভৰ্তি ট্ৰাকখনৰ চালক আৰু হেন্দিমেন জন ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: