অসম

শিৱসাগৰত একেদিনাই ৮৩গৰাকী ক’ভিডত আক্ৰান্ত : দুজন ক’ভিড আক্ৰান্তৰ মৃত্যু

সংবাদদাতা, শিৱসাগৰ : দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৱে একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে। দেশত দৈনিক হাজাৰ হাজাৰ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে শতাধিক লোকৰ।

এনে এক পৰিস্থিতিৰ মাজতেই ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে শিৱসাগৰ কভিড ১৯ৰ সংক্ৰমণ দৈনিক বৃদ্ধি হ’ব ধৰিছে। জিলাখনত ১ এপ্ৰিলৰ পৰা এইপৰ্যন্ত ন-শতাধিক ব্যক্তি কৰোনা পজিটিভ হিচাপে ধৰা পৰাৰ বিপৰীতে ৬জন লোকৰ কৰোনাত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

অৱশ্যে আক্ৰান্তসকলৰ ভিতৰত প্ৰায় প্ৰায় পাঁচ শতাধিক ব্যক্তি এতিয়া কৰোনাৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰাৰ বাবে ঘৰলৈ যাবলৈ দিয়া হৈছে বুলি জানিব পৰা গৈছে। জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা পোৱা তথ্য অনুসৰি আজিৰ দিনটোত জিলাখনত ৮২ গৰাকী নতুন কভিড আক্ৰান্তক চিনাক্ত কৰা হৈছে।

এইপৰ্যন্ত জিলাখনত ৪৮৫ গৰাকী ব্যক্তি ক’ভিডত আক্ৰান্ত হৈ থকাৰ কথা জানিব পৰা গৈছে। ইয়াৰে ৪৪৪ গৰাকী ব্যক্তি হোম আইচলেচনত, শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ২৫ জন ব্যক্তি, চ্যুকাফা চিকিৎসালয়ত ৭ জন, চঞ্জীৱনী হস্পিতাল, ডিব্ৰুগড়ত ১জন, ব্ৰহ্মপুত্ৰ হস্পিতাল,

ডিব্ৰুগড়ত ১জন, যোৰহাট মেডিকেল কলেজত ১জন, অসম চিকিৎসা মহাবিদ্যালয়ত ১জন আৰু অএনজিচিত ১ জন ব্যক্তি চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ইফালে জিলাখনত ক্ৰমান্বয়ে বাঢ়ি অহা কৰ’নাৰ ভয়ংকৰ সংক্ৰমণৰ ফলত জনসাধাৰণৰ মাজত এক আতংকৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে।

এইক্ষেত্ৰত জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সকলোকে আতংকিত নহৈ সতৰ্ক হোৱাৰ বাবে বাৰম্বাৰ অনুৰোধ জনাইছে। জিলাখনৰ জনসাধাৰণক মাস্ক পৰিধান কৰাৰ লগতে চেনিটাইজাৰ ব্যৱহাৰ কৰা, সামাজিক দূৰত্ব মানি চলাৰ দৰে বিভিন্ন গুৰুত্বপূৰ্ণ আহ্বান জনোৱা পৰিলক্ষিত হৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: