অসম

শিৱসাগৰত চ্যুকাফা ফাউণ্ডেচন আৰু হিন্দু যুৱ পৰিষদৰ ছ্যুকাফা দিৱস উদ্‌যাপন

লেখিকা গীতাঞ্জলি কলিতাক ডামচাও অশ্চিনী চেতিয়া সোঁৱৰণি বঁটা প্ৰদান

সংবাদদাতা, শিৱসাগৰ:- ছ্যুকাফা ফাউণ্ডেচন আৰু হিন্দু যুৱ পৰিষদৰ উদ্যোগত ২ ডিচেম্বৰত অসম দিৱস (ছুকাফা দিৱস) পালন কৰা হয়। চ্যুকাফা ফাউণ্ডেচন আৰু হিন্দু যুৱ পৰিষদ অসমৰ যুটীয়া উদ্যোগত শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দ’লমুখ চাৰিআলিত “অসম দিৱস” উদ্‌যাপন কৰা হয়। অনুষ্ঠানটি উদ্বোধন কৰে আটাছুৰ উপ-সভাপতি বসন্ত গগৈয়ে, বন্তি প্ৰজ্বলন কৰে শিক্ষাবিদ, সাহিত্যিক দয়ানন্দ পাঠকে, ছ্যুকাফাৰ প্ৰতিমূৰ্তিত মল্যাপৰ্ণ কৰে হিন্দু যুৱ পৰিষদৰ হৈ সংগঠনটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মনোজ গগৈয়ে। উল্লেখযোগ্য যে, বিগত বৰ্ষৰ দৰে এই বছৰো অসম দিৱসৰ লগত সংগতি ৰাখি প্ৰয়াত সমাজকৰ্মী অশ্বিনী কুমাৰ চেতিয়া সোঁৱৰণী দ্বিতীয় বাৰ্ষিক “যুৱ প্ৰতিভাৱান বঁটা” প্ৰদান কৰা হয়। এই বঁটা শিক্ষাবিদ, সাহিত্যিক দয়ানন্দ পাঠকৰৰ হাতেৰে প্ৰদান কৰে বোকাখাতৰ বিশিষ্ট লেখিকা তথা সাংস্কৃতিককৰ্মী গীতাঞ্জলি কলিতাক। লগতে সংগীত শিল্পী হেম শইকীয়া, সাংস্কৃতিক কৰ্মী নবেন মহন, পাৰুল দাস, দেৱজ্যোতি ফুকন আৰু সাংস্কৃতিক কৰ্মী প্ৰাঞ্জল প্ৰতীম চেতিয়াক বিশেষ সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে সমাজকৰ্মী প্ৰশান্ত বৰঠাকুৰ, সাংস্কৃতিক কৰ্মী ধৰ্ম ফুকন, মানৱ অধিকাৰ সহায়তা সংস্থাৰ চৰাইদেউৰ উপ-সভাপতি অভিজিত গগৈ, সাংবাদিক দ্ৰুণ খঙীয়া, শিৱসাগৰ জিলা সাহিত্য সভাৰ মিনতি দত্ত দুৱৰা, তাই-ভাষাবিদ বাবুল কৌৰ। আনহাতে তাই-আহোম জনগোষ্ঠীৰ জাতীয় সংগীত পৰিৱেশন কৰে ডিম্পী চমুৱা গোঁহাই আৰু মৌচুমী গগৈয়ে। বঁটা প্ৰদান অনুষ্ঠানটোত প্ৰয়াত যুৱ নেতা অশ্চিনী চেতিয়াৰ পৰিয়াল বৰ্গৰহৈ বঁটা প্ৰদান কাৰ্য্যসূচীত উপস্থিত থাকে অশ্চিনী চেতিয়াৰ সহধৰ্মিনী পল্লবী চেতিয়া, পুত্ৰ তাইখাম চেতিয়া আৰু অশ্চিনী চেতিয়াৰ জেষ্ঠ ভাতৃ ৰঞ্জিত চেতিয়া। অনুষ্ঠানটি সাংস্কৃতিক কৰ্মী নাং দেৱজ্যোতি ফুকনৰ তাই ভাষাত পৰিৱেশন কৰা অসম সংগীতেৰে সামৰণি মৰা হয়। অনুষ্ঠানটিত সাফল্যমণ্ডিত কৰি তোলাৰ বাবে উদ্যোক্তাসকলৰ হৈ বিৰিঞ্চি গোহাঁই আৰু ৰূপজ্যোতি চাংমাই, ভাস্কৰ নাথে শিৱসাগৰবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: