অসম

শিৱসাগৰত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৮৬ সংখ্যক জন্মজয়ন্তী উদযাপন

সংবাদদাতা, শিৱসাগৰঃ শুক্ৰবাৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ শিৱসাগৰৰ বাসভৱনত ভাষাৰ ওজা গৰাকীৰ প্ৰতিমূৰ্তী শিলান‍্যাস কৰে তেখেতৰ আজুনাতি তথা প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই। তাৰ পিছতে হেমচন্দ্ৰ বৰুৱাৰ ১৮৬ বছৰীয়া জন্ম জয়ন্তীৰ কাৰ্যসূচী শিৱসাগৰ যুৱদলত এক গাম্ভিয‍্যপূৰ্ণ অনুষ্ঠানত আয়োজন কৰা হ’য়। শিৱসাগৰ জিলা সাহিত্য সভা আৰু বাতৰি কাকত বিতৰক (হ’কাৰ) সন্থাৰ উদ‍্যোগত পতাকা উত্তোলন কৰাৰ পাছতে পুৱা ১০-৩০ বজাত যুৱ-দলত অনুষ্ঠিত হোৱা সভাৰ শুভ উদ্বোধন কৰে ড° বসন্ত কুমাৰ গোস্বামীয়ে, সভাৰ সভাপতিত্ব কৰে মনোজ কুমাৰ বৰঠাকুৰে, নিদিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে ড° অৰিন্দম বৰকটকীয়ে, গ্ৰন্থ উন্মোচন কৰে চামচুল বাৰিকে, অতিথি সম্ভাষণৰ আদৰণি বক্তব্য আগবঢ়াই বাতৰিকাকত বিতৰক সন্থাৰ সভাপতি কৃষ্ণ গোস্বামীয়ে, আদৰণি ভাষণৰ উদ্দেশ্য ব্যাখ্যা কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তুোষ দত্তই। ‘কথা-ভাষা-যোগাযোগ’ গ্ৰন্থ খনি উন্মোচন কৰা অনুষ্ঠানত সাহিত্যাচায্য নাহেন্দ্ৰ পাদুন, অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱা, সাহিত্যিক ড° বসন্ত কুমাৰ গোস্বামী, ড° অৰিন্দম বৰকটকী, প্ৰেম গগৈ, দিপালী চলিহাকে আদি কৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: