অসম

শিৱসাগৰত মটক যুৱ-ছাত্ৰ সন্মিলনৰ অৱস্থান ধৰ্মঘট

সংবাদদাতা, শিৱসাগৰঃ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ শিৱসাগৰ জিলা সমিতিয়ে সদৌ অসম মটক মহিলা পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সহযোগত সোমবাৰে শিৱসাগৰ জিলা উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ

সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। লগতে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈলৈ শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি একোখনকৈ কেইবাটাও দফা সন্নিৱিষ্ট দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

দুঘন্টীয়া প্ৰতিবাদী কাৰ্য্যসূচীত সংগঠনটোৱে মটক জনগোষ্ঠীক জনজাতিয় তালিকাৰ অন্তভূক্তিকৰণেৰে সাংবিধানিক মৰ্য্যদা প্ৰদান কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, মটক জনগোষ্ঠীৰ বিশেষ উন্নয়ণৰ বাবে আৰ্থিক পেকেজ মোকলাই দিয়া আদি বিভিন্ন দাবী উত্থাপন কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: