অসম

শিৱসাগৰ একল অভিযানৰ কৰ’না সজাগতাৰ প্ৰশিক্ষণ

সংবাদদাতা, শিৱসাগৰ:- আজি একল অভিযান শিৱসাগৰ অঞ্চলৰ অন্তৰ্গত আদৰ্শ সঞ্চৰ ডিমৌৰ আচাৰ্য/আচাৰ্যা সকলক লৈ কৰ’না সজাগতাৰ ওপৰত এখনি গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ অনুষ্ঠিত হয়। উক্ত প্ৰশিক্ষণত একল অভিযানৰ ডিব্ৰুগড় ভাগৰ কাৰ্যালয় প্ৰমূখ প্ৰশান্ত ৰবিদাস, ডিমৌ সঞ্চ সমিতিৰ সম্পাদক ৰাজেন্দ্ৰ সিং,‌ কোষাধ্যক্ষ সোণেশ্বৰ ডেকা আৰু অভিযান প্ৰমূখ অভিজিৎ দাস,‌ অঞ্চলৰ প্ৰাথমিক শিক্ষা প্ৰমূখ ৰুবিতা কোঁৱৰ আৰু সঞ্চ প্ৰমূখ চুমী নাথৰ উপস্থিতিত কৰ’না কালত আমি স্বাহ্যৰ যতন কেনেকৈ ল’ব লাগিব আৰু কি কি সাৱধানতা পালন কৰিব তাৰ ওপৰত পৰ্যালোচনা কৰা হয়। উক্ত প্ৰশিক্ষণত একল বিদ্যালয়ৰ আচাৰ্য/আচাৰ্যা আৰু সেৱাব্ৰতী কাৰ্যকৰ্তা সকললৈ থাৰ্মমিটাৰ আৰু অক্সিমিটাৰ বিতৰণ কৰা হয়৷ কৰ’না কালত থাৰ্মমিটাৰ আৰু অক্সিমিটাৰ দ্বাৰা গাঁওবাসীক কেনেদৰে স্বাস্থ্য পৰীক্ষা কৰিব লাগিব তাৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণত ডিমৌৰ বিদ্যালয় গাঁওসমূহৰ পৰা বহুসংখ্যক আচাৰ্য/আচাৰ্যা,আৰু যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: