অসম

শিৱসাগৰ কাথপাৰৰ ৰবীন গগৈৰ দুঃসাহসিক শাৰীৰিক অনুশীলন

সংবাদদাতা, শিৱসাগৰঃ শিৱসাগৰ নগৰৰ সমীপৰ কাথপাৰ গাঁৱৰ ৰবীন গগৈয়ে (৪৯) লকডাউনৰ সময়ত অব্যাহত ৰাখিছে কঠোৰ শাৰীৰিক অনুশীলন। সােতৰ বছৰ বয়সৰ পৰাই তেওঁ শাৰীৰিক ব্যায়ামৰ অনুশীলন কৰি আছিল যদিও ২০১০ বর্ষৰ পৰা এনে কিছুমান শাৰীৰিক অনুশীলন কৰিবলৈ ললে সেই অনুশীলন সমূহ প্রদর্শন কৰি জনসাধাৰণৰ পৰা যথেষ্ট প্রশংসা বুটলিবলৈ সক্ষম হৈছে। পেটৰ পেশী সঞ্চালন কৰা, পেটত গধুৰ বস্তুৰে আঘাত কৰা,

পেটেৰে মটৰ চাইকেল টনা, দেহৰ ওপৰেদি ২০-৩০ খন মটৰ চাইকেল চলােৱা, গজালৰ ওপৰত শুই দেহৰ ওপৰত আন ব্যক্তিক খােজ কাঢ়িবলৈ দিয়া, শৰীৰত চুম্বকীয় গুণ সৃষ্টি কৰি বিভিন্ন ধৰণৰ সা সামগ্ৰী শৰীৰত লগাই ৰখা আদি কর্ম বােৰ ৰবীন গগৈয়ে এতিয়া অনায়েসে কৰিব পাৰে বিগত বৰ্ষত স্থানীয় ছানৰাইজ ক্লাবে আয়ােজন কৰা ভােগালী বিহুত ৰবীন গগৈয়ে নিজৰ শৰীৰৰ ওপৰেদি ২০-৩০ খন মটৰ চাইকেল চলাই পাৰ কৰা দৃশ্যৰাজিৰে

সহস্রাধিক ৰাইজক আপুত কৰিছিল। ৰাইজৰ আগত কঠোৰ শাৰীৰিক অনুশীলন প্রদর্শন কৰি জনপ্রিয়তা অর্জন কৰা ৰবীন গগৈয়ে আগন্তুক সময়ত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে বিশ্ব ৰেকর্ড কৰাৰ সপােন পুহি ৰাখিছে বুলি সাংবাদিকৰ আগত তেওঁ জানিবলৈ দিয়ে। ইয়াৰ বাবে বর্তমান তেওঁ চলাইছে ব্যাপক প্রস্তুতি। তেওঁৰ সপােন বাস্তৱায়িত কৰিবলৈ বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে তেওঁক এতিয়া উৎসাহ দিয়া দেখা গৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: