অসম

শিৱসাগৰ জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ খাদ্য-সামগ্ৰী, মাস্ক বিতৰণ

সংবাদদাতা, শিৱসাগৰ : ভাৰতীয় জনতা যুৱ মৰ্চাৰ শিৱসাগৰ জিলাৰ সভাপতি ৰূপম দত্ত আৰু সাধাৰণ সম্পাদক ৰাহুল গগৈৰ নেতৃত্বত আৰু যুৱ মৰ্চাৰ জিলা আৰু মণ্ডলৰ বিষয়ববীয়া সকলৰ সহযোগত আজি শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত কৰ’না মহামাৰীৰ বাবে কন্টেইনমেন্ট জ’নত থকা লোক সকলৰ লগতে

আংশিক লকডাউনৰ ফলত অৰ্থনৈতিকভাৱে সমস্যাৰ সন্মুখীন হোৱা দৈনিক মজুৰি কৰি জীৱন নিৰ্বাহ কৰা লোক সকলক চাউল, দাইল, আলু, পিয়াজ, ৰঙালাও আদি খাদ্য-সামগ্ৰীৰ বিতৰণ কৰে৷ লগতে যুৱ মৰ্চাৰ কৰ্মী সকলে মাস্ক বিতৰণ কৰি মানুহৰ মাজত ক’ভিড-১৯ৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে হাতত চেনিটাইজাৰ লগোৱা,

চাবুনেৰে হাত ধুৱা, সামাজিক ব্যৱধান মানি চলাৰ বাবে আহ্বান জনায়। কাৰ্যসূচীটোত উপস্থিত থাকে প্ৰিয়াঞ্চু বড়া, হৰি চন্দ্ৰ বাইলুং, অনুপল দাস, হেমন্ত দাস, শৈলেন দিহিঙীয়া, তৈল্য গগৈ, ভাস্কৰ ৰাজবংশী প্ৰমুখ্যে শিৱসাগৰ জিলাৰ জনতা যুৱ মৰ্চাৰ জিলা আৰু মণ্ডলৰ বিষয়ববীয়া, কাৰ্যকৰ্তাসকল।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: