অসম

শিৱসাগৰ জিলা বিজেপিৰ প্ৰশিক্ষণ শিবিৰৰ সফল সমাপ্তি

সংবাদদাতা, শিৱসাগৰ:- ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলা সমিতি আৰু জিলা প্ৰশিক্ষণ বিভাগৰ উদ্যোগত এটি তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ শিৱসাগৰ ৰুদ্ৰসাগৰস্থিত ন-পুখুৰী পাৰৰ ৰুদ্ৰসিংহ অতিথিশালাত অনুষ্ঠিত হয়। ৮ ডিচেম্বৰ বুধবাৰে পুৱা ৯-৩০ বজাৰ পৰা প্ৰশিক্ষাৰ্থী সকলৰ পঞ্জীয়নৰে আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰৰ পতাকা উত্তোলন কৰে ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁয়ে। মাতৃ বন্দনাৰে আৰম্ভ হোৱা প্ৰথম সত্ৰত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলাৰ সভাপতি ময়ূৰ বৰগোঁহাই, ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা অসম বেচা-কিনা নিগমৰ উপাধ্যক্ষ শিৱ প্ৰসাদ বদ্ৰা আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সমীৰ গগৈ। আমন্ত্ৰিত বক্তা ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক কাৰ্যনিৰ্বাহক মানসজ্যোতি সন্দিকৈয়ে প্ৰথম সত্ৰত ”ভাৰতীয় জনতা পাৰ্টীৰ ইতিহাস আৰু বিকাশৰ”ওপৰত বক্তব্য আগবঢ়ায়। পৰৱৰ্তী ছয়টা সত্ৰত সমল বক্তা ৰূপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় বিজেপি অসম প্ৰদেশৰ মুখপাত্ৰ ও জ্যেষ্ঠ নেতা তথা শিৱসাগৰ জিলাৰ প্ৰভাৰী ৰূপম গোস্বামী, সহ-প্ৰভাৰী জ্যেষ্ঠ নেতা সুভাষ দত্ত, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ সব্যসাচী মহন্ত, অধ্যাপক ড° ৰক্তিম পাতৰ আৰু শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন উপসভাপতি হেমন্ত গগৈয়ে। প্ৰথম দিনৰ প্ৰশিক্ষৰ অন্তত বিজেপি জিলা সমিতিৰ প্ৰথমখন বিষয়ববীয়া সভা জিলা সভাপতি ময়ূৰ বৰগোহাঁইৰ সভাপতিত্বত জিলা প্ৰভাৰী ৰূপম গোস্বামী আৰু সহ-প্ৰভাৰী সুভাষ দত্তৰ উপস্থিতিত অনুষ্ঠিত হৈ যায়। বিষয়ববীয়া সভাত আগন্তুক ১৩ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাশী বিশ্বনাথ ধামৰ লোকাৰ্পণ অৰ্থাৎ” দিব্য কাশী-ভব্য কাশী” কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা প্ৰস্তুত কৰা হয়। প্ৰশিক্ষণ শিবিৰৰ দ্বিতীয় দিনৰ পুৱা বিমান দুৰ্ঘটনাত নিহত হোৱা ভাৰত মাতৃৰ সুযোগ্য সন্তান তথা দেশৰ তিনিওটা সেনা বাহিনীৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱট আৰু আন নিহত জোৱান সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই পৰবৰ্তী সত্ৰ সমূহৰ সমল বক্তা ৰূপে থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই, দলৰ জ্যেষ্ঠ নেতা যোৰহাটৰ জিতু হাজৰিকা, ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰাঞ্জল কটকী, প্ৰাক্তন জিলা সভানেত্ৰী সুৰভি ৰাজকুঁৱৰী, অসম চৰকাৰৰ নগৰ পানী যোগান আৰু পয় প্ৰণালী বিভাগৰ অধ্যক্ষ কুশল দুৱৰী, বিজেপিৰ টি ভি পেনেলিষ্ট নাং লাকী গগৈ আৰু বিশিষ্ট সমাজকৰ্মী দম্বীৰাম টায়ে বক্তব্য আগবঢ়ায়। শিবিৰৰ শেষৰ দিনটোত প্ৰশিক্ষাৰ্থী হিচাপে অংশ লোৱা শিৱসাগৰ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সমিতি, জিলা মৰ্চ্চা সমূহৰ বিষয়ববীয়া আৰু মণ্ডল সভাপতি সকলক একোখনকৈ মানপত্ৰ জিলা সভাপতি ময়ূৰ বৰগোঁহায়ে প্ৰদান কৰি প্ৰশিক্ষণ শিবিৰৰ সফল সমাপ্তিৰ কথা ঘোষণা কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: