অসম

শিৱসাগৰ জিলা যুৱ মৰ্চাৰ প্ৰথমখন সভা সম্পন্ন

আগন্তুক দিনৰ কাৰ্যপন্থা সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ

সংবাদদাতা, শিৱসাগৰ:- জনতা যুৱ মৰ্চাৰ শিৱসাগৰ জিলাৰ পূৰ্ণাংগ সমিতিখন গঠন হোৱাৰ পাছত আজি সমিতিখনৰ প্ৰথমখন সভা শিৱসাগৰৰ জিলা বিজেপিৰ জয়সাগৰস্থিত মুখ্য কাৰ্যলয়ত অনুষ্ঠিত হয়। জিলা যুৱ মৰ্চাৰ সভাপতি গৌতম সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক ৰাহুল গগৈয়ে। সভাত সাধাৰণ সম্পাদক সন্দীপ গগৈয়ে আগন্তুক দিনত যুৱ মৰ্চাৰ কাম-কাজৰ সন্দৰ্ভত বক্তব্য আগ-বঢ়ায়। সভাপতি গৌতম সন্দিকৈয়ে সংগঠনৰ আগন্তুক দিনৰ লক্ষ্য-উদ্দেশ্য আৰু দলীয় সাংগঠনিক কাম-কাজ সন্দৰ্ভত সকলো বিষয়-ববীয়াৰ পৰা সহযোগিতা আশা কৰি যুৱ মৰ্চাৰ কাৰ্যপন্থা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। সভাত উপ-সভাপতি সমীৰণ বৰদলৈয়ে যুৱ মৰ্চাক বুথ পৰ্যায়লৈকে শক্তিশালী কৰা আৰু যুৱক-যুৱতী সকলক আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত থকা কৰণীয় কাৰ্যপন্থাৰ সন্দৰ্ভত আলোকপাত কৰে। আন এজন উপ-সভাপতি ৰিণ্টু বৰাই যুৱ মৰ্চাক শিৱসাগৰ জিলাত কিদৰে শক্তিশালী কৰিব পাৰি তাৰ ওপৰত বক্তব্য আগবঢ়ায়। সভাত উপ-সভাপতি মণ্টু বৰগোহাঁই, দৃষ্টিপ্ৰিয়া দত্ত, সম্পাদক ক্ৰমে অনুপল দাস, মায়া পৰিয়াৰে মনৰ অনুভৱ ব্যক্ত কৰে। সভাত যুৱ মৰ্চাৰ ৰাজ্যিক আমন্ত্ৰণিত সদস্য নীলকলম সিংহ কোঁৱৰে শুভেচ্ছামুলক বক্তব্য আগবঢ়ায়। উক্ত সভাতে শিৱসাগৰ জিলা যুৱ মৰ্চাৰ আগন্তুক দিনৰ কাৰ্যপন্থা সন্দৰ্ভত গ্ৰহণ কৰিব লগা বিভিন্ন কাৰ্যসূচীৰ ওপৰত আলোচনা কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: