অসম

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত বন্যপ্ৰাণী সুৰক্ষাৰ ওপৰত সাংবাদিক কর্মশালা সম্পন্ন

সংবাদদাতা, শিৱসাগৰ:- বন্যপ্ৰাণীৰ সুৰক্ষা আৰু ইয়াৰ কাৰণে ৰাইজক সজাগ কৰাৰ উদ্দেশ্য প্ৰকৃতি আৰু বন্যপ্ৰাণী সুৰক্ষাৰ লগত জড়িত স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ উদ্যোগত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় কৰিছে এখনি কৰ্মশালাৰ। কৰ্মশালাখনি আয়োজনত উদ্যোগ লয় শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযােগ অধ্যয়ন বিভাগে। বন্যপ্ৰাণী হত্যাৰ লগত জড়িত অপৰাধীৰ কাৰ্য্যকলাপ আৰু বন্যপ্ৰাণী অবৈধ সৰবৰাহ, বৰ্ধিত হাৰৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত অনুষ্ঠান আৰণ্যকে ইতিমধ্যে বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰে এক অংশ হিচাপে আজি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত সাংবাদিকসকলৰ উপস্থিত দিনৰ ১০ বজাত এখনি কৰ্মশালাৰ আয়োজন হয়। কৰ্মশালাখনিত মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে। কৰ্মশালাখনি উদ্বোধন কৰে এডভকেট জেনেৰেল দেৱজিৎ শইকীয়াই। আদৰণি ভাষণ প্ৰদান কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তই। বন্যপ্ৰাণী সংৰক্ষণ আৰু বিশ্লেষণৰ ওপৰত ভাষণ প্ৰদান কৰে আৰণ্যকৰ ছেকেট্টেৰী জেনেৰে চি.ই.অ ড° বৈভৱ কুমাৰ তালুকদাৰে। বন্যপ্ৰাণীৰ লগত জড়িত অপৰাধ আৰু সংবাদ মাধ্যমৰ ভূমিকাৰ ওপৰত ভাষণ প্ৰদান কৰে আৰণ্যকৰ আইনী বিভাগৰ জেষ্ঠ পৰিচালক ড° জিমি বৰাই। বন্যপ্ৰাণীৰ লগত জড়িত অপৰাধৰ বাতৰি-প্ৰতিবেদনৰ ক্ষেত্ৰত অনুসন্ধানমূলক সাংবাদিকতাৰ গুৰুতৰ ওপৰত ভাষণ প্ৰদান কৰে আৰণ্যকৰ বন্যপ্ৰাণীৰ লগত জড়িত অপৰাধ সম্পকীয় বিশ্লেষক আইভি ফাৰহিন হুছেইনে। কৰ্মশালাৰ প্ৰশ্নোত্তৰ কাল আৰু আলোচনাচক্ৰখন পৰিচালনাত সহযোগিতা আগবঢ়াই আৰণ্যকৰ জেষ্ঠ পৰামৰ্শদাতা বিজয় শংকৰ বৰাই। সভাৰ আৰম্ভণিতে অতিথিৰ আনুষ্ঠানিক পৰিচয় পৰ্ব আৰু সম্ভাষণৰ আঁতধৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ গণমাধ্যম আৰু সাংবাদিকতা বিভাগৰ সমন্বয়ক জোনটি পাতৰে। কৰ্মশালাত অংশগ্ৰহণ কৰা সকলোকে অনুষ্ঠানৰ শেষত কৰ্মশালাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। কৰ্মশালাখনিত উদ্যোগতা, ছাত্ৰ-ছাত্ৰী আৰু অতিথি সকলৰ লগতে অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদসূচক মন্তব্য আগবঢ়াই শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক পংকজ হাজৰিকাই।

Show More

Leave a Reply

Your email address will not be published.

Back to top button