অসম

শিৱসাগৰ সদৰ থানাত গাঁওৰক্ষী বাহিনীৰ ২০২২ বৰ্ষৰ প্ৰথম মাহেকীয়া সভাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

সংবাদদাতা, শিৱসাগৰঃ বুধবাৰে শিৱসাগৰ থানাত গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ত গাঁওৰক্ষী বাহিনীৰ থানা উপদেষ্টা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। মিলনজ্যোতি ৰাজকোঁৱৰ সভাপতিত্বত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সহঃসম্পাদক প্ৰৱীণ শইকীয়াই। সভাত শিৱসাগৰ মহকুমাৰ গাঁওৰক্ষী সংগঠনৰ উপদেষ্টা বিশ্বজ্যোতি ভূঞা আৰু শিৱসাগৰ থানাৰ চক্ৰ সংগঠক অৱেন চন্দ্ৰ দাসৰ উপস্থিতিত গাঁওৰক্ষী বাহিনীয়ে ২৬ জানুৱাৰী গণৰাজ্য দিৱসত কৰ্তব্য পালন কৰাৰ সিদ্ধান্ত লোৱা হয়। য’ত শিৱসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ভাষণত বিভিন্ন গাঁওৰক্ষী বাহিনীৰ বক্তব্যৰ বুজ লয় আৰু অধিক সক্ৰিয়ভাৱে গণৰাজ্য দিৱসত কতব্য পালন কৰিবলৈ অনুৰোধ জনায়। ভাৰপ্ৰাপ্ত বিষয়া যোগল কিশোৰ কলিতাই ২৯ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত ১৩৫ খন গাঁওৰক্ষী বাহিনীৰ সকলো সভাপতি-সম্পাদক, প্ৰতিনিধিক যোগদান কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: