অসম

শিৱসাগৰ সদৰ থানা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত, জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত ৰাজহুৱা সজাগতা সভা সম্পন্ন

সংবাদদাতা, শিৱসাগৰঃ শিৱসাগৰ থানা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত সোমবাৰে দিনৰ ১১ বজাত শিৱসাগৰ আমোলাপট্টিস্থিত হিন্দু ধৰ্মসভা নামঘৰৰ প্ৰেক্ষাগৃহত বৰ্তমান বাঢ়ি অহা ড্ৰাগছ, নাৰী নিৰ্য্যাতন, শিশু শ্ৰমিক, বাল্য বিবাহৰ দৰে কু-প্ৰথা, ডাইনী অন্ধবিশ্বাস আদি বিষয়ৰ ওপৰত এখনি ৰাজহুৱা সজাগতা সভা অনুষ্ঠিত হৈ যায়। সভাৰ প্ৰথম কাৰ্য্যসূচী হিচাপে গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ঘনশ্যাম ভাইয়ে। শিৱসাগৰ মহকুমা গাঁওৰক্ষী বাহিনীৰ উপ-উপদেষ্টা বিশ্বজ্যোতি ভূঞাৰ পৰিচালনাত অনুষ্ঠিত ৰাজহুৱা সজাগতা সভাখনত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলাৰ উপ-আৰক্ষী অধীক্ষক ঘনশ্যাম ভাই, বিশিষ্ট চিকিৎসক ডাঃ উদয়াদিত্য ৰাজকোঁৱৰ, শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতা, শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা মণিকা শইকীয়া, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড°সৌমাৰজ্যোতি মহন্ত, শিৱসাগৰ সদৰ থানাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি পুৰ্ণম দত্ত। সজাগতা সভাখনত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড°সৌমাৰজ্যোতি মহন্তই তেখেতৰ ভাষণত ডাইনী হত্যা, যৌতুক প্ৰথাৰ ওপৰত সজাগ হ’বলৈ মন্তব্য ৰখাৰ লগতে তেখেতে গাঁওৰক্ষী বাহিনীক আৰক্ষী প্ৰশাসনৰ আইন-শৃংশলা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত এক তৃৰ্ণমূলৰ স্তম্ভৰ দৰে থাকিবলৈ আহ্বান জনায়। লগতে তেখেতে গাঁৱৰক্ষী বাহিনীৰ নাৰী শক্তিক শক্তিশালী হ’বলৈ আহ্বান জনায়। বিশিষ্ট লেখিকা, শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা মণিকা শইকীয়াই তেখেতৰ ভাষণত মূলত নাৰী নিৰ্যাতনৰ ওপৰত মন্তব্য ৰাখাৰ লগতে যৌতুক, যৌন নিৰ্যাতন, ঘৰুৱা হিংসা আদি নাৰী সকলৰ ওপৰত চলা অত্যাচাৰৰ ওপৰত বিশ্লেষণাত্মকভাৱে মন্তব্য ৰাখে। ইয়াৰ পিছতে শিৱসাগৰ জিলা উপ-আৰক্ষী অধীক্ষক ঘনশ্যাম ভায়ে সমাজত অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত ড্ৰাগছ, মাদক দ্ৰব্য, নাৰী নিৰ্যাতন আদিৰ পৰা সমাজখন নাইকিয়া কৰিবলৈ আধ্যাত্মিক চিন্তণ আৰু সাংস্কৃতিক পৰিৱেশৰ ভূমিকা আছে বুলি উল্লেখ কৰে। লগতে তেওঁ অভিভাৱক সকলক সন্তানক সৰুৰে পৰা ঘৰত আধ্যাত্মিক, সাংস্কৃতিক পৰিৱেশ প্ৰদান কৰাৰ লগতে নিজেই আদৰ্শৰে সন্তান সকলক আৰ্হি দেখুৱাই এগৰাকী সু-ব্যক্তি নিৰ্মাণত গুৰুত্ব দিবলৈ আহ্বান জনায়। আনহাতে শিৱসাগৰ জিলাখনত সংঘটিত ড্ৰাগছ আৰু গৰু সৰৱৰাহকাৰীক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়াৰ বাবে শিৱসাগৰ জিলা আৰক্ষীৰ তৰফৰ পৰা শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত ৬খন গাঁওৰক্ষী বাহিনীক শ্ৰেষ্ঠ গাঁওৰক্ষী বাহিনী ক্ৰমে খাটপথাৰ গাঁওৰক্ষী বাহিনী, নামতিয়ালপথাৰ গাঁওৰক্ষী বাহিনী, ৰে’লৱে ষ্টেচন গাঁওৰক্ষী বাহিনী, দুই নং কোঁৱৰ গাঁও গাঁওৰক্ষী বাহিনী, দিচাংমুখ জেলগাঁও গাঁওৰক্ষী বাহিনী আৰু দিউলিয়াখাট গাঁওৰক্ষী বাহিনীক উক্ত সভাত একোখনকৈ মানপত্ৰ, স্মাৰক আৰু দুহেজাৰ টকাকৈ পুৰস্কৃত কৰা হয়। অনুষ্ঠানৰ শেষত শিৱসাগৰ সদৰ থানা গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক অৱেন দাসে শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে মহিলা গাঁওৰক্ষী বাহিনীৰ সহযোগিতাত ৰাষ্ট্ৰীয় সংগীতেৰে সভাখনৰ সফল সামৰণি পৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button