অসম

শিৱসাগৰ ৰে’লৱে ষ্টেচনত ৰে’লৰ খুন্দাত এজন ব‍্যক্তিৰ মৃত্যু

সংবাদদাতা, শিৱসাগৰ : শনিবাৰে নিশা ৯-১০ বজাত নামনি মুৱা ডিব্ৰুগড়-দিল্লী ৰাজধানী এক্সপ্ৰেছ ৰে’লখনে এজন ব্যক্তিক মহতিয়াই নিয়ে। ব‍্যক্তিজনক প্ৰায় ২০০ মিটাৰ ৰে’লখনে চুচৰাই নিয়াৰ ফলত ব‍্যক্তিগৰাকী থিতাতে মৃত্যু হয়।

ৰাজধানী এক্সপ্ৰেছ ৰে’লখনে মহতিয়াই নিয়াৰ ব‍্যক্তিগৰাকীৰ দেহৰ অংগ-পতংগ চিন্ন-বিছিন্ন হৈ পৰে । মৃত্যু হোৱা ব‍্যক্তিগৰাকী নাম-ঠিকনা জানিব পৰা হোৱা নাই। ঘটনাস্থলীত ৰে’লৱে আৰক্ষী আৰু শিৱসাগৰ সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: