অসম

শোকাবহ ! পুখুৰীত পৰি সলিল সমাধি আশা কৰ্মীৰ

সংবাদদাতা, জামুগুৰিহাট:- শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ হাটিঙাৰ শান্তিপুৰ গাঁও আশাকৰ্মী প্ৰেম’ ভূঞাঁৰ মৃতদেহ আজি পূৱা এটা পুখুৰিত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ বিৱৰণি অনুযায়ী আন দিনাৰ দৰে আজিও প্ৰেম’ ভূঞাঁই প্ৰাতঃভ্ৰমণ কৰি আহি ঘৰৰ সন্মুখতে

থকা পুখুৰিত মাছৰ দানা দিবলৈ আহি মৃত্যুক সাৱতি লয। মাছক দানা দি থকা অৱস্থাত পিছল খাই পানীত পৰি প্ৰেম’ ভূঞাঁৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে মন্তব্য কৰে। পুৱা চুবুৰীয়া এগৰাকী মহিলাই পথাৰত গৰু দিবলৈ আহি এই ঘটনা প্ৰত্যক্ষ কৰে আৰু পৰিয়ালৰ লোকক

খবৰ দিয়াতহে প্ৰেম’ ভূঞাঁৰ মৃত্যু হোৱা বুলি অবগত হয়৷ পাচত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত জামুগুৰি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ প্ৰেম’ ভূঞাঁৰ আকস্মিক বিয়োগত সমগ্ৰ শান্তিপুৰত শোকৰ ছাঁ পৰে ৷ মৃত্যুৰ সময়ত প্ৰেম’ ভূঞাঁই দুগৰাকী পুত্ৰ আৰু দুগৰাকী কণ্যা ইহ সংসাৰত এৰি থৈ যায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: