অসম

শোকাৱহ! একেখন চিতাতে দাহ কৰা হ’ল স্বামী-পত্নীৰ মৃতদেহ

লখিমপুৰৰ হাৰমতিত সংঘটিত হৈছে এক কৰুণ আৰু হৃদয়বিদাৰক ঘটনা। একেখন চিতাতে উঠিল স্বামী-স্ত্ৰীৰ মৃতদেহ। যি দৃশ্য দেখি শোকবিহ্বল হৈ পৰিছে গাঁওবাসী। জনমে-জনমে একেলগে থকাৰ প্ৰতিশ্ৰুতিয়ে যেন পূৰ্ণ কৰিলে পত্নীয়ে।

স্বামীৰ প্ৰতি থকা প্ৰেমৰ বাবেই স্বামীৰ লগতে পত্নীয়েও এৰিলে পাৰ্থিৱ শৰীৰ। স্বামীৰ মৃত্যুৰ দুখত কান্দি-কান্দি মৃত্যু ঘটিল পত্নীৰো। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি নিশা শুই থকা অৱস্থাত মৃত্যু ঘটে স্বামীৰ।

আনহাতে স্বামীৰ মৃত্যুৰ শোকত ভাগি পৰি পুৱা মৃত্যু ঘটে পত্নীৰো। একেখন চিতাতে জ্বলিল স্বামী উমাকান্ত ধৰ আৰু পত্নী অঞ্জনা ধৰৰ মৃতদেহ। লখিমপুৰৰ হাৰমতিৰ কাঠনিত এতিয়া বিৰাজ কৰিছে শোকাকুল পৰিৱেশে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: