শ্বহীদ পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্র অসমৰ উদ্যোগত মৰিগাঁৱত পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতা অনুষ্ঠান

সংবাদদাতা, ভূৰবন্ধা:- সামাজিক মাধ্যম আৰু নিউজ পৰ্টেলৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত পূৰ্বতকৈ সাংবাদিকতাৰ দায়িত্ব অধিক বঢ়াই তুলিছে। এই মন্তব্য বিশিষ্ট সাংবাদিক নৱ ঠাকুৰীয়াৰ। বিশিষ্ট সাংবাদিক, মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ জন্ম দিনৰ লগত সংগতি ৰাখি আজি শ্বহীদ পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্ৰ অসমৰ উদ্যোগত মৰিগাঁও চহৰস্থিত পৰাগ নিকেতনত বিকল্প সাংবাদিকতা আৰু নিউজ পৰ্টেলৰ ভূমিকা শীৰ্ষক বক্তৃতা অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশ গ্ৰহণ কৰি ঠাকুৰীয়াই সাংবাদিকতাৰ ক্ষেত্ৰখনত নিউজ পৰ্টেল সমূহে কেনেদৰে বিকল্প ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে তাৰ ওপৰত যুক্তি আৰু তথ্যৰে এক বিস্তৃত ব্যাখ্যা আগবঢ়াই। সাংবাদিক ঠাকুৰীয়াই নিউজ পৰ্টেল সমূহে সাংবাদিকতাৰ বিকল্প ভূমিকা গ্ৰহণ কৰিলেও পৰ্টেল সমূহৰ ওপৰত কিছু নীতি-নিৰ্দেশনাকে ধৰি সীমাবদ্ধতা প্ৰয়োজন আছে বুলি মন্তব্য কৰে। বৰ্তমানে সংবাদিকতাৰ ক্ষেত্ৰখন এক উদ্যোগলৈ পৰ্যবেক্ষিত হৈছে। সাংবাদিকতাৰ ক্ষেত্ৰখনত তোষামোদকাৰী আৰু সুবিধাবাদীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত ইয়াৰ বিকল্প সাংবাদিকতা হিচাপে পৰ্টেলে ভূমিকা গ্ৰহণ কৰিব বিচাৰিলেও ইয়াৰ স্থায়িত্ব দীৰ্ঘম্যাদী নহয় বুলি মন্তব্য কৰে। এই ক্ষেত্ৰত সাংবাদিকতাৰ ক্ষেত্ৰখনত কিছু পৰিবৰ্তনতাৰো প্ৰয়োজন আহি পৰা বুলি মত ব্যক্ত কৰে। শ্বহীদ পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্ৰৰ সহকাৰী সম্পাদক জিতুমনি নাথে আঁত ধৰা বক্তৃতা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰি সাধাৰণ সম্পাদক তথা মাছ’ৰ মুখ্য উপদেষ্টা বুবুমনি গোস্বামীয়ে শ্বহীদ পৰাগ কুমাৰ দাসৰ জীৱন আৰু কৰ্মৰাজি ওপৰত আলোকপাত কৰে। শ্বহীদ পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই সঞ্চালনা কৰা বক্তৃতা অনুষ্ঠানটো উদ্বোধন কৰি মৰিগাঁও জিলা সাহিত্যি সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই বৰ্তমান সংবাদিকতাৰ ক্ষেত্ৰখনলৈ অহা প্ৰত্যাহ্বানৰ বাবে সংবাদকৰ্মী সকল ঐক্যবদ্ধ হোৱাটো খুবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে বুলি মন্তব্য কৰে। মাছ’ৰ প্ৰাক্তন সচিব প্ৰধান প্ৰনব চেতিয়াই আমন্ত্ৰিত অতিথি হিচাপে অংশ গ্ৰহণ কৰা বক্তৃতা অনুষ্ঠানটোৰ আৰম্ভণিতে শ্বহীদ পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিত মাল্যঅৰ্পণ কৰে শ্বহীদ পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্ৰৰ উপ-সভাপতি অজিত শৰ্মাই। জাতীয় শিক্ষা কেন্দ্ৰৰ উপ -সভাপতি ৰাজেন ডেকা আৰু মিডিয়া ক্লাবৰ সভাপতি ৰাতুল ডেকাই বন্তি প্ৰজ্বলন কৰা বক্তৃতা অনুষ্ঠানটোত মৰিগাঁৱৰ বহু কেইজন জ্যেষ্ঠ নাগৰিক, সাহিত্যক, লেখিকা, সাংবাদিককে ধৰি কেইবাটাও দল সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে।