শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৬৭ সংখ্যক যোৰহাট জিলা অধিবেশনৰ সামৰণি

সংবাদদাতা, পূৱ যোৰহাট আৰু বাহনা:- মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ অসমীয়া জাতীয় জীৱনৰ পৰিচয়। অসমৰ জাতীয় জীৱন তথা সাহিত্য আৰু সংস্কৃতিৰ নৱ উন্মেষত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অনবদ্য অৱদান আৰু ধাৰ্মিক প্ৰভাৱ অনস্বীকাৰ্য। গুৰুজনৰ চিন্তা ধাৰা, ধ্যান ধাৰণা, বিশ্বজনীন ধৰ্মীয় মতাদৰ্শ আৰু সাহিত্য, সংস্কৃতি, কলা অসমৰ জাতীয় সংস্কৃতিৰো মূল ভেটি। গুৰুজনাৰ সৃষ্ট সাহিত্য -সংস্কৃতি, মানৱতাবাদ আৰু ধৰ্মীয় আদৰ্শৰে আজিয়ে নহয় অসমৰ বুকুলৈ আহিব লগা দিনবোৰো বিধৌত কৰি ৰাখিব। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ ৬৭ সংখ্যক বাৰ্ষিক অধিবেশনৰ ৩০ জানুৱাৰীৰ মুকলি সভাত সভাপতি মুকুল গগৈয়ে সভাপতিৰ ভাষণত এনেদৰে কয়। মধ্য যোৰহাটৰ হোলোঙাপাৰ আঞ্চলিক শাখাৰ আতিথ্যত কৰ্মযোগী মুখ্যেশ্বৰ শইকীয়া সমন্বয়ক্ষেত্ৰ দিহা গজপুৰীয়াত অনুষ্ঠিত হোৱা অধিবেশনৰ মুকলি সভা উদ্বোধন কৰে মুল সঙ্ঘৰ সদস্য ড° নবীন চন্দ্ৰ বৰাই। জিলা শাখাৰ সম্পাদক মুকুল বৰুৱাই আঁত ধৰা মুকলি সভাত আদৰণি সমিতিৰ সভাপতি গঙ্গাৰাম বৰাই আদৰণি ভাষণ প্ৰদান কৰে। মুকলি সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখাৰ সভাপতি ড° মৃণাল কুমাৰ বৰুৱাই মানুহে দুটা ৰূপত থাকি জীৱন উদযাপন কৰে আৰু কৰ্মৰ যোগেদি মানুহে এই ৰূপ দুটা ডাঙি ধৰে বুলি কয়। তেওঁ লগতে কয় যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই সাম্প্ৰতিক কালৰ ভোগবাদী সমাজৰ পৰা আমাৰ উত্তৰ পুৰুষক এখন সফল সমাজত উপনীত হৈ জীৱন উদযাপন কৰাৰ এক পৰিবেশ দিছে আৰু এই পৰিবেশ সুৰক্ষিত কৰাৰ কাৰণে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই প্ৰচেষ্টা চলাই গৈছে। মুকুল গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে প্ৰনৱজ্যোতি শইকীয়া, ড° ধীৰেন কলিতা, সিদ্ধাৰ্থ বৰুৱা, ৰূপেশ্বৰ নেওগ, ভুৱন শইকীয়া, মামনি চলিহা আদিয়ে। মুকলি সভাতেই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখালৈ অনবদ্য অৱদান আগবঢ়োৱা তুলসীনাথ বৰালৈ সুহৃদ সেউজ উপাধি প্ৰদান কৰে। সভাত ২০২০-২০২১ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ সম্পাদক মুকুল বৰুৱাই। ২০২৩ বৰ্ষৰ ৬৮ সংখ্যক বাৰ্ষিক অধিবেশন উত্তৰ -পশ্চিম যোৰহাট আঞ্চলিকৰ আতিথ্যত অনুষ্ঠিত হ’ব। তিনিদিনীয়াকৈ অনুষ্ঠিত অধিবেশনৰ প্ৰথম দিনা পুৱা গছপুলি ৰোপণ, তোৰণ উন্মোচন আৰু শিশু, আই-মাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয়। তনিমা গগৈৰ সঞ্চালনাত অনুষ্ঠিত শিশু, আই-মাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদৰ সভাত নিদিষ্ট বক্তা হিচাপে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত জিলা শাখাৰ শিশু, আই-মাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী ৰূপজ্যোতি শইকীয়া গগৈয়ে অংশ গ্ৰহণ কৰে। সাধাৰণ পৰিষদৰ সভা উদ্বোধন কৰে কেন্দ্ৰীয় শিশু, আই-মাতৃ কল্যাণ সমিতিৰ সম্পাদিকা ফুনু বৰা গগৈয়ে। আই-মাতৃ বক্তা ময়ূৰী ফুকন, যুৱ বক্তা সংগীতা দোলাকাষৰীয়া, মামনি চলিহা, মাখনি কাকতি, মণিমা বৰা, মাইজনি সন্দিকৈ, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ সভাপতি মুকুল গগৈ, সম্পাদক মুকুল বৰুৱাই সভাত অংশ গ্ৰহণ কৰে। অধিবেশনৰ দ্বিতীয় দিনা সাহিত্য শাখাৰ সভাত মুখ্য অতিথি ৰূপে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে বক্তৃতা প্ৰদান কৰে। যোগেন নায়কৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ যোৰহাট কাৰ্যালয় সম্পাদক ৰমানন্দন বৰা, ড° ধীৰেন কলিতা, মুকুল গগৈ, মুকুল বৰুৱা আৰু ফুনু বৰা গগৈয়ে। অধিবেশনৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ উপ-সভাপতি খগেন ফুকনে। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ ৬৭ সংখ্যক বাৰ্ষিক অধিবেশনৰ দ্বিতীয় দিনা মুখ্য আকৰ্ষণ ধৰ্মধজ্জা উত্তোলন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ সভাপতি মুকুল গগৈয়ে আৰু অনুষ্ঠানৰ আঁত ধৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যোৰহাট জিলা শাখাৰ সম্পাদক মুকুল বৰুৱাই। ক’ভিড মহামাৰীৰ বাবে চৰকাৰে দিয়া নিৰ্দেশনা মতে সাংস্কৃতিক শোভাযাত্ৰা বাতিল কৰে আৰু অধিবেশনস্থলীত ভাগৱত শোভাযাত্ৰা উলিয়াই। বিয়লি সৌৰভ হাজৰিকাৰ সভাপতিত্বত সংস্কৃতি শাখাৰ সভা অনুষ্ঠিত হয় আৰু সন্ধিয়া হোলোঙাপাৰ আঞ্চলিক শাখাৰ শিল্পী সকলৰ দ্বাৰা গুৰুজনাৰ ৰচিত “ৰাম বিজয়“ অংকীয়া ভাওনা প্ৰদৰ্শন কৰে।