অসম

শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰৰ আয়ুস শৈক্ষিক ন্যাসৰ উদ্যোগত প্ৰতিষ্ঠিত “আয়ুস ফাৰ্মাচী প্ৰতিষ্ঠান” ৰ ২০২২-২৩ বৰ্ষৰ পাঠ্যক্ৰমৰ প্ৰস্তুতি

নিউজ ডেস্ক:- চাৰিসত্ৰৰ অন্যতম ঐতিহাসিক শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰৰ আয়ুস শৈক্ষিক ন্যাসৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা আয়ুস ফাৰ্মাচী প্ৰতিষ্ঠানে(আয়ুস ফাৰ্মাচী ইনষ্টিটিউট) প্ৰথমটো শৈক্ষিক বৰ্ষৰ (২০২২-২৩) পাঠদান আৰম্ভ কৰিবলৈ যো-জা চলাইছে‌। ভাৰতীয় ফাৰ্মাচী পৰিষদ(ফাৰ্মাচী কাউঞ্চিল অৱ ইণ্ডিয়া) আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অনুমোদিত প্ৰতিষ্ঠানখনৰ প্ৰথমটো শৈক্ষিক বৰ্ষ আৰম্ভ কৰাৰ‌ প্ৰাকমুহূৰ্তত যোৰহাটৰ চটাইস্থিত শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰত সত্ৰাধিকাৰ শ্ৰীশ্ৰীননীগোপাল‌ দেৱ গোস্বামীয়ে এখন সংবাদমেল সম্বোধন কৰি উক্ত পাঠ্যক্ৰম সম্পৰ্কত কিছু বক্তব্য আগবঢ়াই। সত্ৰাধিকাৰ গৰাকীয়ে কয় যে- “বৰ্তমানৰ সমাজখনৰ অন্যতম এক অংশ হৈছে চিকিৎসা সেৱা। চিকিৎসা কৰ্মীৰ প্ৰয়োজনীয়তাৰ কথা সকলোৱে উপলব্ধি কৰিছোঁহক। সেইহেতুকে চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত কিছু কৰাৰ মানসেৰে চিকিৎসা সম্পৰ্কীয় এটি প্ৰতিষ্ঠান গঢ় দিয়াৰ মনস্থ কৰিছিলোঁ। যাৰ ফলস্বৰূপে ‘ফাৰ্মাচী ডিপ্লমা’ শীৰ্ষক পাঠ্যক্ৰমৰ প্ৰতিষ্ঠান ‘আয়ুস ফাৰ্মাচী প্ৰতিষ্ঠান’এ পূৰ্ণাংগ ৰূপ পালে।” উক্ত প্ৰতিষ্ঠানটোৱে অসমৰ যুৱ সমাজক চিকিৎসা শিক্ষাৰ সমান্তৰালভাৱে আধ্যাত্মিক শিক্ষাৰে পৰিপুষ্ট কৰি মানৱ সম্পদ হিচাপে গঢ় দিব বুলি আশা প্ৰকাশ কৰে সত্ৰাধিকাৰজন। উল্লেখ্য যে, উজনি অসমৰ তৃতীয়খন ডিপ্লমা ফাৰ্মাচী প্ৰতিষ্ঠান ‘আয়ুস ফাৰ্মাচী প্ৰতিষ্ঠান’ৰ ২০২২-২৩ বৰ্ষৰ পাঠদান জানুৱাৰী মাহৰ ২০ তাৰিখৰ পৰা আৰম্ভ হ’ব। এই বৰ্ষত সৰ্বমুঠ ৬০খন আসন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰতিষ্ঠানটোৱে মুকলি ৰাখিছে। অন্যহাতে শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰৰ আয়ুস শৈক্ষিক ন্যাসৰ উদ্যোগত ইতিমধ্যে প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সন্নিবিষ্ট কৰি আয়ুস পাব্লিক স্কুল নামেৰে এখন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: