অসম

শ্ৰীশ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত চুতীয়া যুৱ সন্মিলন অসমৰ নৱনিৰ্বাচিত পৰিষদবৰ্গৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি

সংবাদদাতা, ঢকুৱাখনা:- অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ সংগ্ৰামী যুৱ সংগঠন, স্বজাতিৰ স্ব-অধিকাৰ প্ৰাপ্তিৰ হকে নিৰবিছিন্ন গণতান্ত্ৰিক সংগ্ৰামৰ সংকল্পৰে চুতীয়া যুৱ সন্মিলন অসমৰ নৱ নিৰ্বাচিত পৰিষদবৰ্গৰ শপত গ্ৰহণ অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি চলিছে। চুতীয়া জনগোষ্ঠীৰ সংগ্ৰামী যুৱ নেতা মোহন শইকীয়াক সভাপতি, কৌস্তৱ কিশোৰ চুতীয়াক সাধাৰণ সম্পাদকলৈ নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিখনৰ শপত গ্ৰহণ অনুষ্ঠানটি ঢকুৱাখনা মহকুমাৰ দেৱলীয়া গাঁওস্থিত চুতীয়া জাতিৰ ঐতিহাসিক কীৰ্তিচিহ্ন শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ৰ প্ৰাংগণত অহা ৬ ফেব্ৰুৱাৰীত দেওবাৰে অনুষ্ঠিত কৰা হব। ঢকুৱাখনা জিলা চুতীয়া যুৱ সন্মিলনৰ অতিথ্যত উক্ত দিনা দুপৰীয়া ১০ বজাত অনুষ্ঠিত হব এই কাৰ্যসূচী। কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যখনৰ চুতীয়া জাতিৰ প্ৰতিনিধিবৃন্দ, সংগঠনৰ নেতৃবৰ্গ, জ্ঞাতি বৰ্গ, ৰাইজৰ উপস্থিতি, দিহা পৰামৰ্শ আৰু সহযোগিতা কামনা কৰিছে ঢকুৱাখনা জিলাৰ চুতীয়া যুৱ সন্মিলনে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button