অসম

শ্ৰীৰামপুৰত গ্ৰামীণ চিকিৎসা পেশাজীৱী সমিতিৰ কোকৰাঝাৰ জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ সফল সমাৰণি

সংবাদদাতা, গোসাইগাঁও:- গ্ৰামীণ চিকিৎসা পেশাজীৱী সংস্থা (RURAL MEDlCAL PRACTITIONERS ‘ ASSOCIATION) চমুকৈ R . M. P.A নামৰ সংস্থাটোৰ কোকৰাঝাৰ জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিবেশনখন আজি শ্ৰীৰামপুৰস্থিত ছাইনড মিছন ইংলিছ স্কুল প্ৰাংগণত অনুষ্ঠিত হয়। ৰাতিপুৱা ৯ বজাত গ্ৰামীণ চিকিৎসা পেশাজীৱী সংস্থাৰ সভাপতি পৰিমল সৰকাৰে পতাকা উওোলন কৰি অধিবেশনৰ পাতনি মেলে। তাৰ পিছত বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুপৰীয়া ১২ বজাৰ পৰা গ্ৰামীণ চিকিৎসা পেশাজীৱী সংস্থাৰ সম্পাদক জোছিমুদ্দিন জোৱাদ্দাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত গ্ৰামীণ চিকিৎসা পেশাজীৱী সংস্থাৰ পশ্চিম বংগ ৰাজ্যৰ ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক বিশ্বজিত শাশমলেে কয় যে নৰমাল মিথুনক আদৰ্শ কৰি ১৯ ৮৫ চনৰ পৰাই ডাক্তৰ নৰমাল মিথুন চলোমান স্কুল নিৰ্মাণ কৰি গ্ৰামীণ চিকিৎসা পেশাজীৱী সকলক যুক্তি পূৰ্ণ চিকিৎসা প্ৰদানৰ দিহা পৰামৰ্শ আগবঢ়াই অহা হৈছে। ভিতৰুৱা গ্ৰাম্য এলেকাত চিকিৎসা ব্যৱস্থাই ঢুকি নপোৱা এলেকাত আধুনিক চিকিৎসা পদ্ধতি লৈ যাব লাগিব। ভুল চিকিৎসাৰ বলি হৈ যাতে কোনো ব্যক্তিৰ অকাল মৃত্যু নঘটে তাৰ প্ৰতি অতি সৰ্তকৰ্তা অৱলম্বন কৰি চিকিৎসা আগবঢ়াৱ লাগিব। ডাক্তৰ নৰমাল মিথুন চলোমান স্কুলৰ দ্বাৰা গ্ৰামীণ চিকিৎসা জীৱী সকলে চিকিৎসাৰ ক্ষেত্ৰত যথেষ্টখিনি উপকৃত হব। অধিৱেশনত গ্ৰামীণ চিকিৎসা পেশাজীৱী সংস্থাৰ পশ্চিমবংগৰ ৰাজ্যিক কমিটীৰ সহকাৰী সম্পাদক বিপ্লৱ মল্লিক উপস্থিত থাকি চিকিৎসা পদ্ধতিৰ ওপৰত বিস্তাৰিত ভাৱে ব্যাখ্যা কৰি এক তত্ত্ব গধুৰ ভাষণ দিয়ে। অধিৱেশনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে প্ৰণৱ ভৌমিক। উক্ত অধিবেশনত সৰ্বসন্মতি ক্ৰমে পৰিমল সৰকাৰক সভাপতি আৰু জোছিমুদ্দিন জোৱাদ্দাৰক সাধাৰণ সম্পাদক হিচাপে লৈ ১৫ জনীয়া সদস্যৰে গ্ৰামীণ চিকিৎসা পেশাজীৱী সংস্থাৰ কোকৰাঝাৰ জিলা সমিতিখন গঠন কৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: