শৰতৰ কবিতা | Super 100

বিভিন্নজন কবিৰ কবিতা গোট কৰি শৰতৰ কবিতা পৃষ্ঠাটো প্ৰস্তুত কৰা হৈছে…

শৰতৰ কবিতা : নিৰ্মল আকাশ, নাতিশীতোষ্ণ বতাহ, চতুৰ্দিশে মন পৰশা সুবাস – এনে এক মায়াময় পৰিৱেশৰ মাজেৰেই ধৰিত্ৰীৰ বুকুত পদাৰ্পণ কৰেহি শৰৎ ঋতুৱে৷ অৱশ্যে শৰতক মাথোঁ এটি ঋতু বুলি ক’লেই শেষ নহয়, আচলতে ই হ’ল অনাবিল সৌন্দৰ্য্যৰ চিৰ শাশ্বত প্ৰতিভু৷ গ্ৰীষ্ম, বৰ্ষাৰ শৰীৰ দেই নিয়া প্ৰখৰ উত্তাপ তথা বোকাময় কদৰ্য্যতাই বেদনা গধুৰ কৰি থৈ যোৱা মানুহৰ দেহ-মন শৰতে জীপাল কৰি তোলে৷ মানুহ হৈ পৰে আৱেগবিহ্বল৷ শৰতৰ আগমনত কল্পনাৰ ন ন ৰঙেৰে উদ্ভাসিত হৈ উঠে কবিৰ প্ৰাণ৷ কবিতাৰ চোতালত শৰতক অভিবাদন জনাবলৈ কবিকুল হৈ পৰে ব্যাকুল৷

শৰতৰ বতৰা

শুভ্ৰ বসন পিন্ধি আহিনৰ আঁচল ভৰি
ধৰালৈ নামিল হেঁপাহৰ শৰৎ, 
বৰলুইতৰ বুকুৰ চাপৰিত কিহৰ নাচোন
শুভ্ৰ কঁহুৱাৰ চঞ্চল আলিংগন৷ 
প্ৰজাপতি গীত বাজে ক’ত? 
দূবৰি আৰু নিয়ঁৰৰ মধুৰ মিলন৷ 

প্ৰকৃতি বিষ্ময়কৰ অমেয় ছবি আঁকি
মাটিৰ পৃথিৱীত নিযুত সুখ বাকী
শীতত শুকাই যোৱা নৈ বাৰিষাৰ গাভৰু৷ 
এচেৰেঙা কেঁচা ৰ’দ গালত সিঁচি 
হাঁহি থকা বেলিৰ ছাঁত আলফুলে লুকাই নিয়ৰ

ঋতুৰাণী শৰৎ! যাদুকৰী নাম৷ 
হৃদয়ৰ স্পন্দনেৰে স্পন্দিত শৰৎ
কাৰ বুকুত কঁহুৱাৰ হিয়া ভৰা ছবি? 
দুবৰীৰ আঁচলত অনুৰাগী সুগন্ধ ঢালি 
নিয়ৰ সিক্ত আজি নিমাখিত শেৱালি৷ 
সংগোপনে নামি আহে লাজৰ ওৰণি টানি
অব্যক্ত ৰূপৰ মহিমাৰে শীতৰ কুঁৱলী৷ 

বৰনৈৰ চাপৰিত কহুঁৱাৰ চন্দ্ৰৱলী হাঁহি 
বতাহৰ সমাৰোহত 
কোনে বজাই নিৰ্মল ঘাটৰ বিমল বাঁহী?  

বৰ্ষাৰ কজলা মেঘ আজুৰি
শৰতৰ আকাশত কপাহ খেতি
স্বপ্ন মধুৰ ভাৱনাত মানুহৰ মন
কবিৰ হৃদয়ত শব্দ উচাটন৷ 

মানুহৰ হাতৰ আঙুলিৰ ফাঁকেৰে 
সৰকি যায় বেনামী সময়
প্ৰকৃতিৰ ৰূপ ৰং মধুৰ গুঞ্জন 
উপভোগৰ বাবে যেন সময়ৰ আয়োজন
হৃদয়ত সঞ্চিত ঐকান্তিক অনুৰাগবোৰ
যান্ত্ৰিকতাৰ কৱলত নিমিষতে পাহৰি যাওঁ আমি
হৃদয়ৰ আঁৰৰ অন্য হৃদয়ৰ সংবাদ৷ 

হাজাৰ দৃশ্যক অতিক্ৰমি 
এবাৰলৈ চাওঁ আহক নৈসৰ্গিক শোভা
প্ৰশস্তিৰ মোহনৰাগত আপ্লুত হৈ..
পাহৰি যাম পৃথিৱীৰ সমগ্ৰ ভাগৰ৷৷

নিৰঞ্জন দাস
দেৰগাঁও
আহিনৰ আবিৰ

নৈ কাষৰ কহুৱা বনত ৰং লাগিছে, 
নিয়ৰসিক্ত পদূলিটোত শেৱালিৰ সুবাস৷ 
অচিনা ফুলে জীপাল কৰে সন্ধিয়া, 
আহিনৰ আবেলিটোত এচাটি‌ মলয়াৰ শীতলতা৷ 
আকাশৰ সীমনাত শৰালিজাকৰ কলৰৱ, 
দূবৰিৰ মিচিকি কোমল হাঁহিত
দুচকুত সপোনৰ পাহি, 
কৃষ্ণচূড়াৰ ৰঙীন সাজত
নতুনত্বৰ আবিৰ৷ 
আকাশৰ ‌নীলাবোৰত‌ মেঘমল্লাৰ আবিৰ৷ 
শুকুলা ডাৱৰে আলিংগন কৰে, 
কমোৱা তুলা যেন মন প্ৰজাপতি৷ 
শৰতৰ সেউজীয়াত পথাৰত সপোন নামে নিবীড়ে, 
কোমল দলিছাত নিয়ৰৰ মুকুতা
আহিন এটি প্ৰাণচঞ্ছল এটি মোহনা৷ 
বিৰিণা খাগৰিৰ উলাসত, 
লুইতখন জিলিকি ৰয়, 
ৰান্ধনী বেলিৰ প্ৰতিশ্ৰুতিৰ শৰৎ এতিয়া প্ৰাণত৷ 

কৰবী ভুঞা
মুৰফুলনী বাগান গাঁও, গোলাঘাট
শাৰদীয় মন

শৰৎ মানেই মিঠা অনুভৱ, 
শেৱালিৰ স্নিগ্ধ সুবাস৷ 
শৰতেই কৰে সৃষ্টি কথাগীতি 
গীতিকাৰ-সুৰকাৰৰ কলম আৰু কণ্ঠত৷ 
মোহনীয় শৰতৰ ৰূপত কোনো কবিৰ 
মনো হয় চঞ্চল ৰচিবলৈ সুন্দৰ কবিতাৰ...
জোনাকভৰা শৰতৰ ৰাতি 
ডাৱৰৰ সতে লুকাভাকু খেলি অলেখ তৰাৰ ধেমালি৷ 
শৰতৰ দিনবোৰত নৈ-জান-জূৰি শান্ত সমাহিত
বিয়লিৰ আকাশত উৰে মুক্ত বিহংগ৷ 
মৃদূ মলয়াত নাচে কোমল কহুৱা, 
শৰতৰ গধূলিবোৰো যে মোহনীয়-মায়াসনা৷ 
সেয়ে হয়তো মনবোৰো লাগে মুকলি-মুকলি
দৃষ্টি প্ৰসাৰিত হয় দিগন্ত বিয়পি৷ 
শৰততে হয় দেৱী দুৰ্গাৰ আগমন
শংখ-ঘণ্টা আৰু ঢাকৰ শব্দত মুখৰিত চৌদিশ
বুকুত বাগৰে উছাহৰ ঢল৷ 
 
প্ৰীতি তামোলী
শৰতৰ উপহাৰ

শেৱালিৰ সুগন্ধি কঢ়িয়াই, 
পুৱাৰ মলয়াই কৈ যায় শাৰদী বতৰৰ বতৰা৷ 

শৰতক আদৰি, 
আলফুলে পৰি ৰয় তলসৰা শেৱালি৷ 

শৰতৰ ধুণীয়া হেঙুলীয়া আবেলিত, 
শুকুলা ডাৱৰৰ মাজে-মাজে উৰে আজি, 
উন্মনা মন৷ 
কঁহুৱাৰ কোমল পাহীৰ কোমল পৰশ পাই 
খিলখিলাই হাঁহি মাৰি সখিয়তী চৰাইটিয়ে
কৰে মিঠা গুঞ্জন৷ 

মায়াসনা সন্ধিয়াত জোনাকৰ আগমন, 
শব্দৰ মায়াজালত সোমাই, 
থমকি যেন ৰ’ব এই শাৰদী ক্ষণ৷ 
আহ্৷ 
নৰয় যে ক্ষণ....৷ 

দুচকুত চন্দময় শব্দৰ মায়াজালৰ আবেশ....৷ 
পলকতে জোনেও হাঁহি কয়...
ধৰি ৰাখা পাৰা যদি শব্দৰ মায়াজালৰ 
লগতে জোনৰ মায়াসনা মৰম, 
সানি ল’বা দুগালত, 
জোনৰেই ৰূপালী ৰং, 
শৰতৰ উপহাৰ বুলি৷ 


 লক্ষিমী বৰা শইকীয়া
মাজুলী
শাৰদীয় সুবাস

হালি-জালি নাচি থকা, সৌ কঁহুৱাডৰা 
জীপাল হৃদয়... 
আৰু তাত...! 
এসাগৰ অনুভৱৰ লয়-লাস নাচোন৷ 

সামৰিছে আহি, গোপনে-গোপনে 
একাঁজলি আত্মিক মুহূৰ্তৰ লগন৷ 

আৱেগৰ ঝৰ্ণাত সৰি পৰিছে আজি 
নিয়ৰৰ বক্ষ বন্ধনত সমাহিত, 
গোট-গোট মুকুতাৰ ৰতন.... 
নিৱদ্ধ মন
ভালপোৱাৰ আবিৰত... 
শৰতে সিঁচি দিয়া
সৰগীয় আলিঙ্গনত৷ 

শেৱালিয়ে পাৰি দিয়া
ৰক্তিম শুভ্ৰ দলিচাত
মোহান্বিত মন ময়ূৰী... 
শেৱালিৰ সুঘ্ৰাণবোৰ
আসঃ, এই নিৰ্মলতা...! 

আকাশত সেই ডাৱৰৰ মৃদুল-মৃদুল গতি
য’ত নীলাভৰ নীলিমাত
“প্ৰেমাৰ্পণত“ আকাংক্ষা নীলাভপ্ৰিয়াৰ 
স্নেহসিক্ত হৈ, “ৰ’দাল“ শব্দেৰে...! 
তো, শীতল ৰাতিত টলমল নয়ন
জোনাকৰ পথত মিষ্ট আলোকক সাৱটি৷ 

স্নিগ্ধ চাদৰ, 
জোনাকী ৰাত্ৰিৰ... 
শ্বেত চন্দ্ৰত যেন মিলি যাবলৈ চেষ্টা ৰত
প্ৰোজ্জ্বলতাৰ আৱৰণত সিক্ত শব্দময় সত্ত্বাৰ৷ 
চাৰিওফালে যেন, 
মাথোঁঁ শাৰদীয় সুবাস... 
শব্দৰ মোহনাত, কবিতাৰ কাব্যিক অনুৰণন
ভাৱনাৰে ভৰুণ ৰক্তাশয়ত৷ 


সংগীতা মাইনা ডেকা
ৰঙিয়া
তোমাৰ বাবেই শৰৎ 

আহিন আহিলে শুভ্ৰতাৰ পোহাৰ সামৰি
আকাশ জোনাক নামিল
এন্ধাৰৰ বোকোচাত উঠি, 
জোনাকৰ হাঁহিত পুষ্পিতা শেৱালি
হঠাতে সৰিল স্ফটিক মুকুতা পিন্ধি
সিক্ত দুবৰীৰ দলিচাত 
নিয়ৰ সনা পুৱতিক সজাবলৈ৷ 
এয়া 
কুঁৱলীৰ ওৰণি খহাই
ৰামধেনুবুলীয়া ৰ’দালিৰ
শৰতলৈ উমাল আদৰণি৷ 
এই আৱাহন মাথোঁঁ তোমাৰ বাবেই...শৰৎ! 
শৰৎ আহিল শেৱালিৰো আয়োজন বাঢ়িল
কাঁথিতে কঙালী খহি পাৰিজাতো ফুলিল 
আকাশ মন্ত্ৰমুগ্ধ আগমনী শৰতৰ
সিক্ত মুক্ত মিঠা মিঠা লহৰত
নীল নীলিমে শুভ্ৰতাৰ চানেকি সাজি
চঞ্চলা কঁহুৱাৰ সৈতে কিনো কৰে ধেমালি..! 
মলয়াৰ মৃদু লহৰত পুলকিত কঁহুৱাই
গুপুতে সামৰিছে শেৱালিৰ অব্যক্ত প্ৰেমৰ গাঁথা৷ 
উন্মুক্ত নীলিমলৈ চাই চাই
বিমুগ্ধ অশান্তনেজী বালিমাহীৰ
বিমুক্ত নাচোন.. 
লয়লাসে তালে-তালে লৰিয়লিৰ সাজোন
মাথোঁঁ তোমাৰ বাবেই এই প্ৰস্তুতি ...শৰৎ! 
তেতিয়াহ’লে নহ’বনো কিয় শৰৎ উতনুৱা..! 
শৰৎ উতনুৱা হ’ল শেৱালিৰ প্ৰাণোচ্ছল সুবাসত
শেৱালি আনমনা হ’ল শৰতৰ ধীৰ গমনত৷ 

নৱশ্ৰী সোণোৱাল
আহিনৰ দলিচাত শৰৎ

আহিনৰ গভীৰ নিশা আৱতৰীয়া বতাহজাকে
অনাগত শীতৰ বতৰা লৈ
শুভ্ৰ শাৰদীয় ৰাণীৰ ৰংবোৰ যেন
মৃদু পৰশেৰে দলিচাত সানি দিবহি আহি৷ ৷ 

শৰৎ নিশাৰ দূবৰিৰ সেউজ দলিচাত 
মুকুটা হৈ জিলিকে নিয়ৰৰ টোপাল৷ 
নিয়ৰৰ টোপালে শেৱালিৰ সুকোমল পাহিত আলিঙ্গন কৰি
নিয়ৰসিক্ত দূবৰিক জিলিকাই তোলে শাৰদীয় মুকুটা কৰি৷ ৷ 

আকাশত জ্বলি থকা জোনটিত দেখিছিলো
তাইৰ দুচকুৰে সৈতে তামবৰণীয়া চুলিখিনি, 
আপোন বতাহজাকৰ স্পৰ্শত নিমজ চুলিখিনিয়েও
আনন্দত ঢৌ খেলি হালিছে, জালিছে৷ ৷ 

নিশাৰ কুঁৱলিৰ ঘন আৱৰণখন 
গাত মেৰিয়াই লওঁতে জোনাকৰ বৰষুণ এজাকে
আহিনৰৰ গুলপীয়া ওঁঠৰ মোহনাত
তৰাফুল এপাহ হৈ জিলিকি উঠিছে৷ ৷ 

দূৰণিৰ কঁহুৱাজাকেও বতাহৰ স্পৰ্শত 
খিলখিলাই হাঁহিছে, উন্মনা হৈ পৰিছে৷ 
নিয়ৰৰ মুকুতাবোৰেও জোনাকী পোহৰত 
ডাৱৰৰ সৈতে লুকা ভাকু খেলিছে৷ ৷ 

দূৰৈৰ পাহাৰৰ কাৰেংবোৰক উজ্জ্বলাই তোলা
অহংকাৰী জোনটিয়ে আজি অভিমান কৰি
কলীয়া ডাৱৰৰ সৈতে উমলি 
গোটেই পাহাৰখনক নিশাৰ নৈশব্দতাত বুৰ নিয়াইছে৷ ৷ 

ৰাহুল জ্যোতি বৰা
মঙ্গলদৈ, দৰং
৯৯৫৪৯১১৫২৮
শৰৎ

সেউজীয়া পথাৰৰ আচল উৰুৱাই
চেঁচা বতাহ এজাকে 
স্পৰ্শ কৰিছে দেহ মন
এয়া নিয়ৰৰ তোৰণ সজা
মিঠা শৰতৰ আগমন

স্নিগ্ধ জোনৰ শিতল আলোকত
শুভ্ৰ শেৱালিৰ সুগন্ধি সুঘ্ৰাণত
স্পন্দিত হৈছে হৃদয়
আলোড়িত হৈছে সময়

ৰাতিৰ বুকুত বেহেলা বজাই
শৰতৰ সিক্ত সময়ে
জীৱনৰ গীত গাই

দূবৰিৰৰ দলিচাত জিলিকি উঠা
জীৱন মুকুতা মণি
ৰাতি ফুলি পুৱা সৰি পৰা
এপাহ সুগন্ধি শেৱালি

শৰৎ মানেই
শাৰদী ৰাণীৰ লয়লাস নাচোন
সেউজীয়া এটি কাঁচিজোন

স্মৃতিৰ জপা খুলি 
সৰাপাতৰ বাটেৰে নামি আহে
সোঁৱৰণিৰ হেঙুলীয়া বেলি৷ 

অৰুণ গগৈ
মৰিয়নী, যোৰহাট
৯৭০৭৩৯০৫৪০

নাৰী বিষয়ক কবিতা

E-Paper

Back to top button
%d bloggers like this: